কোকৰাঝাৰ , 10 এপ্ৰিল : তাঁত শিল্পৰ ব্যৱসায়েৰে স্বাৱলম্বী কোকৰাঝাৰৰ এখন বিশেষ গাঁও ৷ যি গাঁৱত আজি বিগত বছৰ বছৰ ধৰি বিভিন্ন ধৰণৰ গামোচাৰ পৰা আৰম্ভ কৰি চাদৰ-মেখেলা আৰু ভিন্ন জাতীয় কাপোৰ তৈয়াৰীৰে জীৱন নিৰ্বাহ কৰি আহিছে গাঁৱখনৰ কেইবাটাও পৰিয়ালে ৷
তাঁত শিল্পৰে স্বাৱলম্বী কোকৰাঝাৰৰ এখন বিশেষ গাঁও - স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন
কোকৰাঝাৰ জিলাৰ ভৱানীছৰা নামৰ গাঁৱখনৰ কেইবাটাও পৰিয়ালে তাঁত শিল্পৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বীতাৰ নিৰ্দৰ্শন

কোকৰাঝাৰ জিলাৰ ভৱানীছৰা নামৰ গাঁৱখনৰ কেইবাটাওপৰিয়ালে বৰ্তমান সময়ৰ দৰে প্ৰযুক্তি বিদ্যাৰ দিনতো তাঁত শিল্পৰ জৰিয়তে দাঙি ধৰিবলৈ সক্ষম হৈছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন৷ ভৱানীছৰাস্থিত অজিত দেৱনাথ নামৰ লোকজনৰ সমান্তৰালকৈ উক্ত গাঁৱখনৰ কেইবাটাও পৰিয়ালে আজি তাঁত শিল্পকে জীৱিকা অৰ্জনৰ অন্যতম আহিলা হিচাপে বাচি লৈ চলাই গৈছে জীৱন সংগ্ৰাম ৷ উল্লেখ্য যে বৰ্তমান সময়ত সূতাৰ দাম বৃদ্ধি পোৱাত গাঁৱখনৰ শিপিনী আৰু ব্যৱসায়ীসকলৰ মাজত কিছু বাধাই দেখা দিছে ৷ কিন্তু বিভিন্ন বাধাকো নেওচি একাংশ শিপিনী আৰু ব্যৱসায়ীয়ে পাইকাৰী দৰত হলেও কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত পূৰণ কৰি আহিছে গামোচা আৰু চাদৰ মেখেলাকে ধৰি ভিন্ন জাতীয় কাপোৰৰ চাহিদা ৷