কোকৰাঝাৰ,৩ জুলাই :সোমাবাৰে কোকৰাঝাৰৰ উল্টাপানী গাঁৱত 'বন মহোৎসৱ সপ্তাহ' পালন কৰা হয়। সপ্তাহ জুৰি অনুষ্ঠিত হ'ব লগীয়া এই 'বন মহোৎসৱ সপ্তাহ' বিভিন্ন কাৰ্যসূচীৰে গাঁওবাসীৰ উপস্থিতিত পালন কৰা হয়।
কোকৰাঝাৰত 'বন মহোৎসৱ সপ্তাহ' পালন - গছ পুলি বিতৰণ
১৩৫ বিএন ইক' টাষ্ক ফৰ্চে উল্টাপানী গাঁৱত সমূহীয়া ফলৰ বাগান গঢ়ি তুলাৰ উদ্দেশ্যে ৫০০টা ফলৰ পুলি ৰোপন কৰি 'বন মহোৎসৱ সপ্তাহ' পালন কৰে
১৩৫ বিএন ইক' টাষ্ক ফৰ্চে উল্টাপানী গাঁৱত সমূহীয়া ফলৰ বাগান গঢ়ি তুলাৰ উদ্দেশ্যে ৫০০টা ফলৰ পুলি ৰোপন কৰি 'বন মহোৎসৱ সপ্তাহ' পালন কৰে। গাঁও খনৰ জেষ্ঠ ব্যক্তিজনে শুভাৰম্ভণী কৰা এই ফলৰ পুলি ৰোপন কাৰ্যসূচীত স্থানীয় গাঁওবাসী,১৩৫ বিএন ইক' টাস্ক ফৰ্চৰ জোৱান আৰু বন বিষয়াৰ লোকে অংশগ্ৰহণ কৰে । ইয়াৰোপৰিও ১৩৫ বিএন ইক' টাষ্ক ফৰ্চৰ কমাণ্ডিং অফিচাৰ কে.চৰকাৰ,উল্টাপানী বন সংমণ্ডলৰ বিষয়া ডিৰেণ বসুমতাৰীয়েও এই ফলৰ পুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই ফলৰ পুলি ৰোপন কাৰ্যসূচীত কঠাল,জলপাই,আমলখি, লেটেকু,লিচু আৰু জামুৰ পুলি ৰোপন কৰা হয়। কমাণ্ডিং অফিচাৰ কে.চৰকাৰে জনোৱা অনুসৰি জনসাধাৰণক বন সংৰক্ষণৰ প্ৰতি সজাগ কৰিবলৈ এই ফলৰ পুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। মানুহৰ আৰ্থিক স্বচ্ছলতাৰ বাবে এই ফলৰ বাগান খন এক সুন্দৰ সমল হ'ব পাৰে। ১৩৫ বিএন ইক' টাস্ক ফৰ্চে মানুহৰ আৰ্থিক স্বচ্ছলতা আৰু জীৱন ধাৰণৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সমূহীয়া ফলৰ বাগান খন ফল দিয়াৰ লগতে জৈৱ-বৈচিত্ৰ অক্ষুণ্ণ ৰখাতো সহায়ক হ'ব। এই 'বন মহোৎসৱ সপ্তাহ'ৰ অংশ হিচাপে হাল্টোগাঁও মহকুমা বন সংমণ্ডলৰ অধীনত উল্টাপানী বন সংমণ্ডলে গাঁওবাসীৰ মাজত বিনামূলীয়াকৈ গছ পুলি বিতৰণ কৰে।