কোকৰাঝাৰ, 5 অক্টোবৰ : বিপিএফ(BPF) দলৰ সভাপতি তথা বিটিআৰ(BTR)ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী(Hagrama Mahilary)য়ে সোমবাৰে ৰৌতাত বিজেপি(BJP) আৰু বিপিএফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য আগবঢ়াইছিল ৷ ইয়াৰ পাচতে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউপিপিএল(UPPL) দলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী(Rwngwra Narzary)য়ে ৷
সোমবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰস্থিত ইউপিপিএলৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি বিপিএফ দলক কঠোৰ সমালোচনা কৰে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে ৷ বিপিএফক সুবিধাবাদীৰ দল হিচাপে অভিহিত কৰি সুবিধাবাদৰ বাবেই দলটো ধ্বংস হ’ব বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ।
লগতে ৰাজনৈতিক দল এটাৰ নীতি-আদৰ্শ থাকিব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে, বিপিএফৰ কোনো নীতি আদৰ্শ নাই ৷ বিপিএফে মাথো সুবিধাবাদৰ ৰাজনীতিহে কৰি আহিছে ৷ ইয়াৰোপৰি বিপিএফক তীব্ৰ সমালোচনা কৰি কাৰ্যকৰী সভাপতি নাৰ্জাৰীয়ে কয়, মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে ৷ বিজেপিয়ে কিন্তু কৰা নাই ৷ বিপিএফে সুবিধাবাদৰ ৰাজনীতিৰে ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে ৷