কোকৰাঝাৰ, 28 আগষ্ট:ভূপেন বৰা আৰু হাগ্ৰামাক উভতি ধৰিলে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই বড়োলেণ্ডৰ ধন 50:50 বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়োক কটাক্ষ কৰাৰ পিছতে বিটিআৰৰ শাসনাধিষ্ঠিত ইউপিপিএল দলটোৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে, যোৱা 25 আগষ্টত কোকৰাঝাৰত কংগ্ৰেছৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এসময়ত ডিভাইড আসাম 50:50 শ্লোগান দিয়া বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সম্প্ৰতি লক্ষ্য হৈছে ডিভাইড মানি 50:50 বুলি সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰিছিল ৷ ইয়াৰ পিছতে ইউপিপিএল দলৰ মাজত ভূপেন বৰাৰ উক্ত মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷
আনহাতে ভূপেন বৰাৰ মন্তব্যৰ পিচতে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সমালোচনা কৰি বিটিআৰ সচিবালয়ৰ চৌহদত গাড়ীৰ ভিতৰতে টকাৰ লেনদেন কৰা বুলি গুৰুতৰ অভিযোগ কৰে ৷ সোমবাৰে এই মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সংবাদমেলত ৰাজু নাৰ্জাৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কোকৰাঝাৰত উপস্থিত হৈ যি মন্তব্য আগবঢ়াইছে তাক ধিক্কাৰ জনাই ভূপেন বৰাৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰা হৈছে বুলি মন্তব্য কৰে ৷