কোকৰাঝাৰ, ১১ ফেব্ৰুৱাৰী : প্ৰমোদ বড়োৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিপিএফ দলৰ নেতাক পৰিকল্পিতভাৱে অপৰাধী সজালে বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ ৷ বিপিএফৰ মুছলপুৰ জিলাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰৰ সন্দৰ্ভত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰিছে এই অভিযোগ (Hagrama Mohilary allegation against Pramod Boro)৷
শুকুৰবাৰে হাগ্ৰামা মহিলাৰীয়ে উক্ত অভিযোগ উত্থাপন কৰাৰ পাচতে শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ইউ পি পি এল দলে হাগ্ৰামা মহিলাৰীক অভিযোগ প্ৰমাণ কৰাৰ দাবী জনায় (UPPL on Hagrama Mohilary Allegation)৷ হাগ্ৰামা মহিলাৰীয়ে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে ইউ পি পি এলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷
উল্লেখ্য যে, বিটিআৰত নতুনকৈ সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা ৰচাৰ অভিযোগ উত্থাপিত হৈছিল বিপিএফ দলৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পাচতে 7 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন বিধায়কগৰাকীৰ লগতে আন দুই অভিযুক্তক (Former MLA Hitesh Basumatary arrested)৷