কোকৰাঝাৰ,7 ছেপ্তেম্বৰ:ৰাজনৈতিক দল ইউপিপিএলে পৰৱৰ্তী নিৰ্বাচনত জয়ী হৈ শাসনৰ বাঘজৰী চম্ভালিব পাৰিলে পোনতে নিবনুৱা সমস্যা দুৰীকৰণৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও বিটিচিৰ মহিলাসকলৰ সবলীকৰণৰ দিশত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ সোমবাৰে বিটিচিৰ কফি এক্সপ্ৰেছ কেফেত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ইউপিপিএলৰ নেতৃবৰ্গই ৷ দলটোৰ হৈ এই সংবাদমেল সম্বোধন কৰে সচিব ৰাজু নাৰ্জাৰীয়ে ৷ নাৰ্জাৰীয়ে পৰৱৰ্তী নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় ৷
ইউপিপিএলৰ প্ৰকাশ হ’বলগীয়া নিৰ্বাচনী ইস্তাহাৰত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিছে দলটোৱে ৷ ইয়াৰ ভিতৰত সু-শাসনকে ধৰি ই-গৰ্ৱনেঞ্চ, সংবাদকৰ্মীসকলৰ বাবে কল্যাণ কোষ আদি মুকলিৰ লগতে বিটিচিৰ বিকাশ আৰু উন্নয়নত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰা হৈছে ৷ তদুপৰি জন সাধাৰণ আৰু জন প্ৰতিনিধিসকলৰ মাজৰ দুৰত্ব হ্ৰাস কৰিবলৈ জনতা দৰবাৰ অনুষ্ঠিত কৰাৰ আঁচনিও গ্ৰহণ কৰিব দলটোৱে ৷