অসম

assam

ETV Bharat / state

UPPL press meet: চিণ্ডিকেটৰ সপোন দেখি থাকে হাগ্ৰামাই: ৰাজু নাৰ্জাৰী - ৰাজু নাৰ্জাৰী

শ্ৰীৰামপুৰত চিণ্ডিকেটৰ জৰিয়তে আহৰণ কৰা কোটি কোটি টকাৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ পৰা গুৱাহাটী আৰু শিলিগুৰীলৈকে অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছে ৷ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৷ শুকুৰবাৰে ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে সাধাৰণ সম্পাদক গৰাকীয়ে (UPPL Leader Raju Narzary Slams Hagrama Mohilary) ৷

Raju Narzary Slams Hagrama Mohilary
অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছে হাগ্ৰামাই: ৰাজু নাৰ্জাৰী

By

Published : May 6, 2023, 7:46 AM IST

হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা ৰাজু নাৰ্জাৰীৰ

কোকৰাঝাৰ, 6 মে’ : চিণ্ডিকেটৰ জৰিয়তে অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছে হাগ্ৰামাই ৷ শ্ৰীৰামপুৰত চিণ্ডিকেটৰ জৰিয়তে আহৰণ কৰা কোটি কোটি টকাৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ পৰা গুৱাহাটী আৰু শিলিগুৰীলৈকে অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছে ৷ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৷ শুকুৰবাৰে ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে সাধাৰণ সম্পাদক গৰাকীয়ে (Raju Narzary Slams Hagrama Mohilary) ৷

2003 চনৰ পৰা 2017 চনলৈ BTC প্ৰধান হৈ থকা অৱস্থাত ৰামপুৰত চিণ্ডিকেটৰ নেতা আছিল হাগ্ৰামা মহিলাৰী আৰু সেই সময়চোৱাত হাগ্ৰামাই চিণ্ডিকেটৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰিছিল ৷ হাগ্ৰামাই শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ টকাৰে কোকৰাঝাৰ ,গুৱাহাটী, শিলিগুৰীত সম্পত্তি ক্ৰয় কৰাৰ লগতে ঠায়ে ঠায়ে ৰিৰ্জট , হোটেল , নাৰ্চিংহোম বনাই সম্পত্তিৰ পাহাৰ গঢ়া বুলি গুৰুতৰ অভিযোগ কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক গৰাকীয়ে (UPPL Leader Raju Narzary Slams Hagrama Mohilary) ৷

চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ গঢ়া হাগ্ৰামা মহিলাৰীয়ে এতিয়াও চিণ্ডিকেটৰ সপোন দেখি থাকে বুলি মন্তব্য কৰি ৰাজু নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰীক বড়োলেণ্ডৰ নেতা নহয় শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ নেতা বুলিহে আখ্যা দিয়ে ৷ আনহাতে ইউপিপিএলৰ নেতা তথা BTC প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি কৈ মহিলাৰীক এনে ভিত্তিহীন কথা নক’বলৈ আহ্বান ৰাজু নাৰ্জাৰীৰ (UPPL Leader Raju Narzary) ৷

ইফালে এই সংবাদমেলত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ইউপিপিএলৰ জনদৰদী আঁচনি সমূহৰ বিষয়ে অৱগত কৰে ৷ বিটিআৰত এতিয়া শান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰি যি কাম পূৰ্বতে অসম্ভৱ আছিল সেয়া এতিয়া সম্ভৱ হৈছে আৰু সকলোৰে মাজত মিলাপ্ৰীতি সম্ভৱ হৈছে বুলিও কয় ৷ BTRত মাটিৰ সমস্যা 80 শতাংশ সমাধান হৈছে আৰু জনতাৰ সমস্যা সমাধানত তেওঁলোকৰ চৰকাৰে সদায় অগ্ৰাধিকাৰ দি আহিছে বুলি মন্তব্য কৰে ৰাজু নাৰ্জাৰীয়ে ৷

তদুপৰি চুপাৰ 50 মিছনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱা, জ্ঞান সৌৰাং বিথাংকি আৰু অঞ্চাই বিথাংকি আঁচনিৰ দ্বাৰা দুখীয়া ছাত্ৰ -ছাত্ৰী আৰু দুখীয়া মহিলাসকল উপকৃত হোৱাৰ বিষয়ে সদৰি কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৷ সংবাদমেলত ৰাজু নাৰ্জাৰীৰ লগতে ইউপিপিএল দলৰ এগৰাকী সম্পাদক খগেন ডেকা আৰু মহিলা মৰ্চাৰ এগৰাকী সম্পাদিকা মৰ্ছিদা বেগম উপস্থিত আছিল (UPPL press meet) ৷

লগতে পঢ়ক:Joyram Engleng Joined Congress : মোৰ আজি ঘৰ ৱাপচী হৈছে- জয়ৰাম ইংলেং

ABOUT THE AUTHOR

...view details