অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে বিটিচিত বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা

দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী সমিতিৰ ইনচাৰ্জ অশোক গয়াৰীৰ ঘৰত বৃহস্পতিবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে আক্ৰমণ চলায় তেওঁৰ ব্যাক্তিগত বাহনখনৰ বিস্তৰ ক্ষতিসাধন কৰে । টনাৰ আঁৰত বিপিএফ দল জড়িত আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ইউপিপিএলৰ নেতা অশোক গয়াৰীয়ে ।

uppl leader attecked by miscreant
uppl leader attecked by miscreant

By

Published : Aug 22, 2020, 4:53 AM IST

কোকৰাঝাৰ, ২১ আগষ্ট : বিটিচি নিৰ্বাচনৰ পূৰ্বে বিটিচিত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা । বিটিচিৰ দেবৰগাঁৱৰ পৰিষদীয় সমষ্টিৰ আমগুৰী দলঝোৰা নিৱাসী তথা ইউ পি পি এল যুৱ শাখাৰ কোকৰাঝাৰ জিলাৰ সাংগঠনিক সম্পাদক তথা দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী সমিতিৰ ইনচাৰ্জ অশোক গয়াৰীৰ ঘৰত বৃহস্পতিবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে আক্ৰমণ চলায় তেওঁৰ ব্যাক্তিগত বাহনখনৰ বিস্তৰ ক্ষতিসাধন কৰে ।

ইউপিপিএলৰ নেতা অশোক গয়াৰীয়ে অভিযোগ কৰা মতে নিশা দুৰ্ষ্কৃতিকাৰীয়ে আনুমানিক 12 বজাত তেওঁৰ ব্যাক্তিগত বাহনত আক্ৰমণ চলায় ক্ষতিসাধন কৰে । উক্ত নিশা কেবাখনো মটৰ চাইকেলৰ দৌৰাত্ম অব্যাহত আছিল আৰু উক্ত ঘটনাৰ আঁৰত বিপিএফ দল জড়িত আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ইউপিপিএলৰ নেতা অশোক গয়াৰীয়ে । ইতিমধ্যে ইউপিপিএলৰ নেতা অশোক গয়াৰীয়ে বালাজান আৰক্ষী চকীত এজাহাৰ ৰুজু কৰিছে ।

নিৰ্বাচনৰ পূৰ্বে বিটিচিত বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা

উল্লেখ্য যে এইবেলি বিটিচি পৰিষদীয় নিৰ্বাচনত দেৱৰগাঁও সমষ্টিৰ পৰা বিপিএফৰ মুৰব্বী তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দলৰ পৰা আৰু ইউপিপিএল দলৰ পৰা বুদ্ধদেৱ মুছাহাৰীয়ে প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে । হাইভল্টেজ সমষ্টিটোত নিৰ্বাচনৰ পূৰ্বেই হিংসাত্মক ঘটনা আৰম্ভ হোৱাত ভোটাৰ ৰাইজ চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক :বনাঞ্চলৰ সলনি ড্ৰ'য়িং ৰুমত হৰিণা পহু

ABOUT THE AUTHOR

...view details