কোকৰাঝাৰ,16 জানুৱাৰী:সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ পূৰ্বেই বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ সহযোগত বিটিচিত পৰিষদ গঠন কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে ইতিমধ্যে জনজাতিৰ বাবে সংৰক্ষিত 30 নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টি দখল কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে ৷
খুব কম সময়ৰ ভিতৰতে কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত ইউপিপিএলে কেইবাটাও কাৰ্যালয় মুকলি কৰি নিজৰ তৎপৰতা আৰম্ভ কৰিছে । ইউপিপিএলৰ এই ব্যস্ততা দেখি সকলোৱেই এই লৈ নিশ্চিত হৈছে যে, বৰ্তমান বিপিএফৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ দখলত থকা 30 নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টি নিজৰ দখললৈ অনাৰ বাবে ইউপিপিএলে চেষ্টাৰ কোনো ক্ৰুটি ৰাখিব বিচৰা নাই ৷
শনিবাৰে ইউপিপিএলে বালাগাঁৱৰ চিআইটিৰ কাষৰ জেডি পথৰ লগতে দেৱৰগাঁও প্ৰাইমেৰী কমিটিৰ কাৰ্যালয় মুকলি কৰে । আনুষ্ঠানিকভাৱে কাৰ্যালয় মুকলি কৰি ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিপিএফৰ 17 বছৰীয়া শাসনক অপশাসন বুলি আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰে ৷