অসম

assam

ETV Bharat / state

হাগ্ৰামাক ৰাজনীতিৰ পৰা সন্যাস ল’বলৈ আহ্বান প্ৰমোদ বড়োৰ - assam polls

শনিবাৰে কোকৰাঝাৰত ইউপিপিএলৰ দলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ নিৰ্বাচনী সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰমোদ বড়োৱে ৷

pramod boro
প্ৰমোদ বড়ো

By

Published : Mar 27, 2021, 10:20 PM IST

কোকৰাঝাৰ,27 মাৰ্চ : জনজাতিৰ বাবে সংৰক্ষিত 30 নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিপিএফৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ভেঁটি কঁপাই যোৱাৰ পাচতে শনিবাৰে কোকৰাঝাৰত ইউপিপিএলৰ দলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে । পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিছমুৰীত লৰেন্স ইছলাৰীৰ সমৰ্থনত ইউপিপিএল দলে আয়োজন কৰা এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক ৰাইজে ৷ উক্ত জনসভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ৷

প্ৰমোদ বড়ো

জনসভাৰ অন্তত প্ৰমোদ বড়োই সংবাদমাধ্যমৰ আগত বিটিআৰ এলেকাৰ 12 টা সমষ্টিতে বিজেপি আৰু ইউপিপিএল দলে জয়লাভ কৰিব বুলি দাবী কৰে । বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰমোদ বড়োই কয় যে, হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ঠগ-প্ৰৱঞ্চনাৰে ৰাইজক লুটি 2,300 কোটি টকা আত্মসাৎ কৰিছে । হাগ্ৰামা মহিলাৰী হ’ল বড়োলেণ্ডৰ সকলোতকৈ ডাঙৰ বেপাৰী ৷ তেওঁ বেপাৰ কৰি থাকক ৷ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ নামত ৰাইজক আৰু ঠগ-প্ৰৱঞ্চনা কৰিব নালাগে বুলি মন্তব্য কৰি প্ৰমোদ বড়োই কয় যে, ৰাইজে হাগ্ৰামা মহিলাৰী, বদৰুউদ্দিন আজমলৰ মুখৰ ফালে চাই ভোট নিদিয়ে আৰু কংগ্ৰেছত কোনো নেতা নাই ।

আগন্তুক চৰকাৰ বিজেপি মিত্ৰজোঁটৰ হোৱাতো 100 শতাংশই খাটাং বুলি মন্তব্য কৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 47 খন আসনৰ ভিতৰত 47 খন আসনেই বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰে প্ৰমোদ বড়োই । আনহাতে বিটিআৰ চুক্তিৰ পাচত অঞ্চলটোলৈ চিৰদিনৰ বাবে শান্তি আহিছে আৰু বিটিআৰ চৰকাৰে সকলো জাতি-জনগোষ্ঠীকে সম উন্নয়ন, সম মৰ্যদা, সম অধিকাৰ প্ৰদান কৰিছে বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

ইফালে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ বিজয় 100 শতাংশই নিশ্চিত বুলি দাবী কৰি বিগত 30 বছৰে বিধায়িকা আৰু মন্ত্ৰী হৈ থকা প্ৰমিলা ৰাণী ব্ৰহ্মই সমষ্টিবাসীৰ কোনো সমস্যাই সমাধান নকৰিলে বুলি অভিযোগ তোলে । কৃষি, বন বিভাগ, ভৈয়াম-জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্ৰী হৈ থকাৰ পাচতো কোনো উন্নয়নমুলক কাম নকৰাত সমষ্টিবাসী ক্ষুব্ধ হৈছে বুলি মন্তব্য কৰি লৰেন্স ইছলাৰীয়ে সকলো জাতি-জনগোষ্ঠীয়ে তেওঁৰ প্ৰতি অকুণ্ঠ সমৰ্থন আগবঢ়াইছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা ইউপিপিএলৰ বিশাল নিৰ্বাচনী জনসভাত দলটোৰ কেইবাগৰাকী কেন্দ্ৰীয়-জিলা শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক :কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামাৰ

ABOUT THE AUTHOR

...view details