অসম

assam

By

Published : Jan 4, 2021, 9:46 PM IST

ETV Bharat / state

কোকৰাঝাৰত ইউপিপিএলৰ দলীয় মুখ্য কাৰ্যালয় মুকলি

সোমবাৰে কোকৰাঝাৰ চহৰৰ জে ডি ৰোডস্থিত বডোফা নৌগৰত উদ্বোধন কৰা হয়  ইউপিপিএল দলৰ দলীয় মুখ্য কাৰ্যালয় ৷ দলীয় পতাকা উত্তোলনৰে কাৰ্যালয়টো মুকলি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰৌণগোড়া নাৰ্জাৰীয়ে ৷

uppl-central-office-opening
কোকৰাঝাৰত ইউপিপিএলৰ দলীয় মুখ্য কাৰ্যালয় মুকলি

কোকৰাঝাৰ, ৪ জানুৱাৰী : বিটিআৰৰ শাসনাধিষ্ঠ ইউপিপিএল দলৰ দলীয় মুখ্য কাৰ্যালয় সোমবাৰে কোকৰাঝাৰ চহৰৰ জে ডি ৰোডস্থিত বডোফা নৌগৰত মুকলি কৰা হয় ৷ এই উপলক্ষে সোমবাৰে দলীয় পতাকা উত্তোলনৰে কাৰ্যালয় মুকলি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰৌণগোড়া নাৰ্জাৰীয়ে ৷ ইয়াৰ পিছত ফিটা কাটি দলৰ কেন্দ্ৰীয় কাৰ্যালয় উদ্বোধন কৰে বিটিআৰৰ উপমুখ্য কাৰ্যাবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ৷

কোকৰাঝাৰত ইউপিপিএলৰ দলীয় মুখ্য কাৰ্যালয় মুকলি

কাৰ্যালয় উদ্বোধনৰ অন্তত সাংবাদিকৰ আগত কাৰ্যকৰী সভাপতি ৰৌনগোড়া নাৰ্জৰীয়ে দলৰ মুখ্য কাৰ্যালয় উদ্বোধনৰে ইউপিপিএল দলে দলৰ কাম কাজ চলাই নিবৰ বাবে সুবিধা হোৱাই নহয় ৰাইজৰ সতে এটা সু-সম্পৰ্ক বৰ্তাই ৰখাত ইতিবাচক পদক্ষেপ হব বুলি মন্তব্য কৰে ৷ সোমবাৰৰ উদ্বোধনী অনুষ্ঠানত ইউপিপিএলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰক্ষ্ম হাজোৱাৰীকে ধৰি দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়ক: কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

ABOUT THE AUTHOR

...view details