কোকৰাঝাৰ ১৬ মাৰ্চ : ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিআৰৰ নিৰ্বাচনী প্ৰেক্ষাপট ক্ৰমাৎ গৰম হৈ উঠিছে ৷ এনে প্ৰেক্ষাপটৰ মাজতে মঙলবাৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল তৃতীয় পৰ্যায়ত আঠজনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷
কোকৰাঝাৰ চহৰৰ বডোফা নৌগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে আয়োজিত হোৱা এক সংবাদমেলত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰক্ষ হাজোৱাৰীয়ে তৃতীয় পৰ্যায়ত আঠজনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ সেই অনুসৰি 28 নং গোসাইগাঁও বিধানসভা সমষ্টিত সোমনাথ নাৰ্জাৰী, 29 নং পশ্চিম কোকৰাঝাৰ সমষ্টিত মনোৰঞ্জন ব্ৰহ্ম, ৩০ নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিত প্ৰাক্তন এবছু নেতা লৰেন্স ইছলাৰী, ৩১ নং চিদলী বিধানসভা সমষ্টিত জয়ন্ত বসুমতাৰী, ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম, ৩৩ নং বিজনী বিধানসভা সমষ্টিত ফনীন বড়ো , ৫৮ নং তামোলপুৰ বিধানসভা সমষ্টিত লেহৰাম বড়ো আৰু ৬২ নং বৰমা বিধানসভা সমষ্টিত ভূপেন বড়োক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷