কোকৰাঝাৰ, 25 মে': উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আজি ঘোষিত ফলাফলত বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ইউ এন একাডেমীৰ এশ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ ফলত উৎফুল্লিত হৈ পৰিছে বিটিএডিৰ সদৰ কোকৰাঝাৰ৷ ফলাফলৰ দিনাই ইউ এন একাডেমীৰ চৌহদত কলা আৰু বিজ্ঞান শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ একোখনকৈ আঁৰনায় আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়৷
কোকৰাঝাৰৰ গৌৰৱ ইউ এন একাডেমী - বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান
উচ্চতৰ মাধ্যমিকৰ আজি ঘোষিত ফলাফলত কলা আৰু বিজ্ঞান উভয় শাখাতে এশ শতাংশ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণই উজ্বলাই তুলিছে কোকৰাঝাৰ ইউ এন একাডেমী নামৰ বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানটোত ৷
![কোকৰাঝাৰৰ গৌৰৱ ইউ এন একাডেমী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3380819-442-3380819-1558781957121.jpg)
বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ইউ এন একাডেমীৰ সফলতা
বড়ো মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ইউ এন একাডেমীৰ সফলতা
ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে আঁত ধৰা সম্বধৰ্না অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম ৷ উল্লেখ্য যে, শিক্ষানুষ্ঠানটোত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অৱতীৰ্ণ ১৩৭ গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰথম স্থানত ৪৯, দ্বিতীয় স্থানত ৭৯ আৰু তৃতীয় স্থানত ০৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় । আনহাতে কলা শাখাত ১৭৪ গৰাকী অৱতীৰ্ণ হৈছিল আৰু তাৰে প্ৰথম স্থানত ৬৮ গৰাকী,দ্বিতীয় স্থানত ৯১ গৰাকী আৰু তৃতীয় স্থানত ১৫গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় ৷