কোকৰাঝাৰ, 13 মে ':"আমছু, এ বি এমছু, বেংগলী ফেডাৰেশ্যন,এবছুয়ে একেলগে মিলি সমস্যা সমাধানৰ কাম কৰাৰ প্ৰয়োজন আছে"! বৰ্তমান এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত আহি পোৱাৰ সময়তে একাংশ দুষ্ট চক্ৰই প্ৰকৃত নাগৰিকৰ ওপৰত ভুৱা আপত্তি দৰ্শোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত সোমবাৰে ইউ পি পি এল ৰাজনৈতিক দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে ৷
এটা দুৰ্ভাগ্যজনক 'হিউম্যান ট্ৰেজেডি' হবলৈ গৈ আছেঃ উৰ্খাও গৌৰা ব্ৰহ্ম
এন আৰ চিত ভুৱা আপত্তি দৰ্শোৱাত ইউ পি পি এলৰ দুখ প্ৰকাশ ! আমছু, এবিএমছু, বেঙলী ফেডেৰেছন, এবছুয়ে একেলগে মিলি সমস্যা সমাধানৰ কাম কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে ইউ পি পি এল ৰাজনৈতিক দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই ৷
এন আৰ চি সম্পৰ্কে অসমত যি ভুৱা আপত্তিৰ মাধ্যমেৰে নিৰীহ মানুহক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে, ইয়াক কেন্দ্ৰ কৰি ইউ পি পি এল দলৰ পৰা উৰ্খাও গৌৰা ব্ৰহ্মই গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শুদ্ধ এন আৰ চি বিচৰাৰ কথা প্ৰকাশ কৰে ৷ ইয়াৰোপৰিও প্ৰাক্তন সাংসদ গৰাকীয়ে এন আৰ চি প্ৰক্ৰিয়া অনতি পলমে সমাপ্ত হোৱাৰ দাবী জনাই ৷ লগতে তেওঁ কয় যে অসমত এটা দুৰ্ভাগ্যজনক 'হিউম্যান ট্ৰেজেডি' হ'বলৈ গৈ আছে , আৰু সেইটো লৈ অসমৰ কিছুমান সংগঠনে ৰাজনীতি কৰিব বিচাৰিছে ৷ তদুপৰি কিছুমান শক্তিয়ে এই ঘটনাক সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে বুলিও উল্লেখ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ আনহাতে এই সমগ্ৰ বিষয়ৰ আঁৰত তৃতীয় শক্তি জড়িত থকাৰ অভিযোগ ব্ৰহ্মৰ ৷ বিগত সময়ছোৱাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত হোৱা সংঘাত হোৱাৰ বুজাবুজিৰ সুযোগ লৈ দুষ্টচক্ৰই এনেধৰণৰ পৰিকল্পনা ৰচনা কৰে বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ লগতে তেওঁ কয় যে ইউ পি পি দলে, ভুৱা আপত্তি দৰ্শাই হাৰাশাস্তি কৰা কোনোবা প্ৰকৃত নাগৰিকক সহায় কৰাৰ নীতি গ্ৰহণ কৰিছে ৷ ব্ৰহ্মৰ মতে বুজাবুজিৰ মাধ্যমেৰে যদি আমছু, এবিএমছু, এবছু , বেংগলী ফেডাৰেশ্যনে একেলগে বহি এই সমস্যাটো দূৰ কৰিবলৈ কাম কৰে তেতিয়া হয়তো নিৰীহ মানুহক বচাব পৰা যাব ৷ ইয়াৰোপৰি তেওঁ সকলো পক্ষকে আহ্বান জনায় যে কোনো প্ৰকৃত নাগৰিকে যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, কিয়নো এন আৰ চি এটা আইনী প্ৰক্ৰিয়া য'ত প্ৰকৃত বিদেশী মানুহক চিনাক্ত কৰি উলিওৱা হয় ৷ আৰু সেই দায়িত্ব সম্পূৰ্ণ এন আৰ চিৰ কৰ্তৃপক্ষ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কৰা হৈছে ৷