ওদালগুৰি, 3 অক্টোবৰ: বৃহস্পতিবাৰে ওদালগুৰিত বড়ো সশস্ত্ৰ সংগঠন এন ডি এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । বৰ্তমান চাৰিটা ভাগত বিভক্ত হোৱা সংগঠনটোৰ আলোচনাপন্থী গোট তিনিটাই প্ৰতিষ্ঠা দিৱসটি নিজ নিজ ডেজিগনেটেত শিৱিৰত পালন কৰে ।
ওদালগুৰিত এন ডি এফ বিৰ প্ৰতিষ্ঠা দিৱস পালন - এন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটৰ সুকীয়াকৈ প্ৰতিষ্ঠা দিৱস পালন
এন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটৰ সুকীয়াকৈ প্ৰতিষ্ঠা দিৱস পালন ৷ বড়ো জাতিৰ হকে সদায় সংগ্ৰামৰ অংগীকাৰ গোবিন্দ বসুমতাৰীৰ ৷
ওদালগুৰিত এন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটে সুকীয়াকৈ পালন কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷ কাৰ্যসূচী অনুসৰি পুৱা ৭:৩০ বজাত পতাকা উত্তোলন কৰে এন ডি এফ বি (প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ।
পতাকা উত্তোলন কৰি বসুমতাৰীয়ে বড়ো জাতিৰ হকে সদায় সংগ্ৰাম কৰি যাব বুলি উল্লেখ কৰে । ইপিনে, ওদালগুৰিৰ সোণাইত থকা এন ডি এফ বি ৰ ৰঞ্জন দৈমাৰী গোটৰ ডিজিগনেটেড কেম্পতো প্ৰতিষ্ঠা দিৱস পালন কৰে সংগঠনটোৱে । প্ৰথম বাৰৰ বাবে ৰঞ্জন দৈমাৰীৰ অনুপস্থিতিত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক বি অনজালুৱে ।