অসম

assam

ETV Bharat / state

স্বস্তিৰ নিশ্বাস ! কোকৰাঝাৰৰ ৰামপ্ৰসাদ আৰু সঞ্জয়ো সুৰংগৰ পৰা হ’ল মুক্ত - সুৰংগত শ্ৰমিক আৱদ্ধ

মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহিল ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী ৷ মঙলবাৰে সন্ধিয়া ছিল্কিয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰা 41 শ্ৰমিকৰ ভিতৰত আছিল কোকৰাঝাৰৰ লোক দুজনো ৷ অৱশেষত 17 দিনৰ অন্তত যেন অন্ত পৰিল বিভীষিকাময় সময়ৰ ৷

Assam labour in Uttarkashi tunnel
কোকৰাঝাৰ শ্ৰমিক সুৰংগত আৱদ্ধ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 9:32 PM IST

নিউজ ডেস্ক, 28 নৱেম্বৰ :স্বস্তিৰ নিশ্বাস পেলাই অৱশেষত মঙলবাৰে উদ্ধাৰ হ’ল উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকল ৷ সুদীৰ্ঘ 17 দিন ধৰি সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিককেইজৰ ভিতৰত আছিল অসমৰো দুগৰাকী ৷

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ ৰামফলবিলৰ শ্ৰমিক দুজনৰ নাম ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী ৷ 12 নৱেম্বৰত সুৰংগটোৰ ভিতৰত ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী আৱদ্ধ হৈ পৰাৰ বাতৰি লাভৰ পাচৰে পৰা পৰিয়াল দুটাই কৰি অহা প্ৰাৰ্থনা যেন নেদেখাজনে শুনিলে ৷

মঙলবাৰে যুদ্ধকালিনভাৱে চলা উদ্ধাৰ অভিযান সফল হৈ সন্ধিয়া প্ৰায় 7 বাজি 30 মিনিটত প্ৰথমগৰাকী শ্ৰমিকক উদ্ধাৰ হোৱাৰ পাচতেই উশাহ ঘূৰি আহিল পৰিয়াল দুটালৈ ৷ বাকী 39 গৰাকী শ্ৰমিকৰ লগতে ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীকো উদ্ধাৰকাৰী দলে সুস্থ ৰূপত আন্ধাৰৰ পৰা উলিয়াই আনিলে জোনৰ পোহৰলৈ ৷ লগে লগে যেন অন্ত পৰিল দীঘলীয়া উৎকণ্ঠাৰ ৷

বিগত 17 টা দিনে উজাগৰী নিশা কটাই অহাৰ পাচত মঙলবাৰেহে পৰিয়াল দুটাৰ সদস্যসকলৰ মনলৈ কিছু প্ৰশান্তিৰ প্ৰভাৱ পৰা দেখা গৈছিল ৷ ইফালে ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী উদ্ধাৰ হোৱাৰ সম্ভাৱনাৰ খবৰ ওলোৱাৰ পাচতেই যথেষ্ট লোকে তেওঁলোকৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হৈছিল ।

অৱশেষত আশা কৰা ধৰণেই কোনোধৰণৰ অঘটন সংঘটিত নোহোৱাকৈ 17 দিনীয়া অন্ধকাৰ জীৱনৰ পৰা মুক্ত হৈ আকাশৰ তললৈ আহিল দুই শ্ৰমিক ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী ৷ অতদিনে বিভীষিকাময় সময় কটোৱা পৰিয়াল দুটাৰ সদস্যসকলে এতিয়া পদূলিলৈ বাট চাই ৰৈছে ৰামপ্ৰসাদ আৰু সঞ্জয় অহালৈ ৷ একেলগে উদযাপন কৰিব মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহাৰ উৎসৱ ৷

লগতে পঢ়ক :উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ

ABOUT THE AUTHOR

...view details