কোকৰাঝাৰ, ২৪ এপ্ৰিল :কোকৰাঝাৰৰ চক্ৰশীলা অভয়াৰণ্যত আৰক্ষীৰে সংঘৰ্ষত দুগৰাকী কেএলঅ' সদস্য নিহত হোৱাৰ পিচত সোমবাৰে সন্ধিয়া ৭:৩০ বজাত কোকৰাঝাৰ সদৰ থানাত আৰক্ষীয়ে এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখন সম্বোধন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই কয় যে, এক গোপন সূত্ৰৰ পম খেদি কাহিলীপুৱাৰে পৰা আৰক্ষীয়ে অভিযান চলাই আছিল (Kokrajhar police Encounter) । চক্ৰশীলা অভয়াৰণ্যৰ বাওখুংগ্ৰী পাহাৰত চলোৱা অভিযানকালত আৰক্ষী আৰু কেএলঅ'ৰ মাজত গুলিয়াগুলী সংঘটিত হয় আৰু আৰক্ষীৰ গুলীত দুজন কেএলঅ' সদস্য নিহত হয় (Two KLO cadre killed in police Encounter) ।
সমান্তৰালকৈ আৰক্ষীয়ে চাৰিজন কেএলঅ' সদস্যক আটক কৰাৰ লগতে দুটা অস্থায়ী শিৱিৰ ধ্বংস কৰে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বুজন পৰিমানৰ বিস্ফোৰক, দুটা পিষ্টল, দুটা মেগজিন, গুলী-বাৰুদ, ইলেকট্ৰনিক ডিটেনেটৰ, খাদ্য-সামগ্ৰী, চোকা অস্ত্ৰ, কম্বল, তিৰপাল, কাপোৰ, প্লাষ্টিক, তাঁৰ আদিকে ধৰি বোমা নিৰ্মাণত ব্যৱহৃত বহুতো সামগ্ৰী ইত্যাদি জব্দ কৰে ।
লগতে পঢ়ক :Angkita Dutta updates: বিজেপিলৈ নাযায় অংকিতা, আইনী যুঁজ চলাই যোৱাৰ অংগীকাৰ