কোকৰাঝাৰ, 18 ডিচেম্বৰ :ৰাজ্যপালৰ সচিব মিনাক্ষী সুন্দৰমে জাৰি কৰা এক নিৰ্দেশনা (মেমো নং জিএচএ ৩৩ / ২০১০/৬২০) অনুসৰি পুনৰ চাৰিগৰাকী নিৰ্বাচিত সদস্যক বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মনোনিত কৰা হয় । সেই অনুসৰি কোকৰাঝাৰ জিলাৰ ৬ নং কচুগাঁও পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএল দলৰ নিৰ্বাচিত পৰিষদীয় সদস্য উকিল মুছাহাৰী আৰু ৭ নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ নিৰ্বাচিত পৰিষদীয় সদস্য অৰুপ কুমাৰ দেক বিটিআৰ পৰিষদত কাৰ্যবাহী সদস্য ৰূপে মনোনীত কৰা হয় ৷
নিৰ্বাচিত সদস্যৰ পৰা কাৰ্যবাহী সদস্যৰ পদ লাভ কৰা আন দুগৰাকী প্ৰাৰ্থী হ'ল ক্ৰমে ২৯ নং সুক্লাই চেৰফাং সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ ৰনেন্দ্ৰ নাৰ্জাৰী আৰু ১৪ নং চিৰাং দূৱাৰ সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএলৰ ৰঞ্জিত কুমাৰ বসুমতাৰী ওৰফে বি আৰ ফেৰেংগা ৷