অসম

assam

ETV Bharat / state

Accident in Tamil Nadu: তামিলনাডুত পথ দুৰ্ঘটনাত অসমৰ দুই যুৱকৰ মৃত্যু - Assam youth goes missing from Bengaluru train

তামিলনাডুৰ ধাৰাফামত (Accident at Dharpham in Tamil Nadu) সংঘটিত পথ দুৰ্ঘটনাত কোকৰাঝাৰ জিলাৰ দুজন যুৱকৰ মৃত্যু হয় ৷ উক্ত দুৰ্ঘটনাটোত আন এজন যুৱক আহত হয় ৷

Accident in Tamil Nadu
তামিলনাডুত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ যুৱকৰ

By

Published : Oct 11, 2022, 9:31 PM IST

কোকৰাঝাৰ ১১ অক্টোবৰ :তামিলনাডুত পথ (Road accident in Tamil Nadu)দুৰ্ঘটনাত মৃত্যু অসমৰ দুই যুৱকৰ । পেটৰ তাড়ণাত কৰ্মৰ সন্ধানত বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা অসমৰ যুৱক দুজনৰ এই (Two Assamese boys death in Tamil Nadu) দুৰ্ঘটনাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোত আন এজন যুৱক আহত হয় ৷

জানিব পৰা মতে, সোমবাৰে সন্ধিয়া তামিলনাডুৰ ধাৰাফামত (Accident at Dharpham in Tamil Nadu) সংঘটিত হোৱা পথ দুৰ্ঘটনাত যুৱক দুজনৰ মৃত্যু হয় ৷ নিহত হোৱা যুৱক দুজনক কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ দুমুৰুগুৰী গাঁৱৰ ধ্ৰুপদ নাৰ্জাৰী আৰু ৰদীপ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে ৷

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন যুৱকক কোকৰাঝাৰৰ পাটগাঁৱৰে পুৰঞ্জয় নাৰ্জাৰী । এই ঘটনাই বৃহত্তৰ পাটগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে তামিলনাডুৰ ধাৰাফামস্থিত নাৰিকলৰ আঁহৰ পৰা ৰছী প্ৰস্তুত কৰা এটা উদ্যোগত বিগত ডেৰ বছৰ ধৰি কৰ্মৰত আছিল যুৱকত্ৰয় ৷

ইফালে, বাংগালুৰু চলন্ত ৰেলৰ পৰা সন্ধানহীন ৰঙিয়াৰ এজন যুৱক ৷ নিযুক্তিৰ সন্ধানত বাংগালুৰুলৈ গৈ থকাৰ সময়তে যাত্ৰীবাহী ৰেলৰ পৰা নিৰুদ্দিষ্ট হৈ পৰে ৰঙিয়াৰ যুৱকজন (youth missing from train) ৷ নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম নুৰুল আমিন বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, চাকৰি বিচাৰি যুৱকজনে ৩ অক্টোবৰৰ দিনা গুৱাহাটী এছ এম ভি টি বাংগালুৰু এক্সপ্ৰেছৰ যোগেদি আৰম্ভ কৰিছিল যাত্ৰা ৷

যাত্ৰাৰ সময়ছোৱাত সময়ে সময়ে ফোনযোগে আত্মীয়-স্বজনৰ জৰিয়তে যোগাযোগ বৰ্তাই ৰাখিছিল নুৰুলে ৷ কিন্তু ৪ অক্টোবৰৰ নিশা ৰেলৰ কোনো যাত্ৰীয়ে নুৰুলক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে আৰু এই বিষয়ে পৰিয়ালক ফোনযোগে অৱগত কৰি থকাৰ মাজতে নুৰুলৰ ফোনটো বন্ধ হৈ যোৱাত পৰিয়ালৰ সৈতে নুৰুলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে (Assam youth goes missing from Bengaluru train)।

তেতিয়াৰ পৰাই নুৰুল আমিনৰ সৈতে কোনো সংযোগ ঘটাব পৰা নাই পৰিয়ালবৰ্গই (Youth from Rangia missing) ।

লগতে পঢ়ক:Youth missing from Train: বাংগালুৰু অভিমুখী ৰেলৰ পৰা সন্ধানহীন ৰঙিয়াৰ যুৱক

ABOUT THE AUTHOR

...view details