অসম

assam

ETV Bharat / state

কৃষিবিভাগৰ 16টা পাম্পছেটসহ আটক দুজন - Two arrest with 16 illegal water pump

বুধবাৰে আবেলি গোপন সুত্ৰে খবৰ পাই ধুবুৰীৰ আৰক্ষী মুখ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত অহা এটা আৰক্ষীৰ দলে অভিযান চলাই পলাশকান্দি গাওঁৰ জাহাঙ্গীৰ আলমৰ ঘৰৰ পৰা 16 টাকৈ চোৰাং পাম্পছেট মেচিন জব্দ কৰাৰ লগতে আটক কৰে জাহাঙ্গীৰ আলমক৷

Two arrest with 16 illegal water pump at Tamarhat
তামাৰহাটত 16 টা কৃষি বিভাগৰ অবৈধ পাম্পছেট সহ দুজনক আটক

By

Published : May 29, 2020, 5:55 PM IST

Updated : May 29, 2020, 6:01 PM IST

কোকৰাঝাৰ, ২৯ মে : কৰ'ণাৰ আতংকৰ মাজতে এফালে খেতিয়কৰ হাহাকাৰ আনফালে চৰকাৰে খেতিয়কক আবন্টন দিয়া পাম্পছেট মেচিন চোৰাং বেহাত নামিছে কৃষি বিভাগৰ কৰ্মচাৰী ৷ তাৰ মাজতে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পলাশকান্দি গাঁৱত উদ্ধাৰ হৈছে 16 টাকৈ চোৰাং পাম্পছেট মেচিন ৷ বুধবাৰে আবেলি গোপন সুত্ৰে খবৰ পাই ধুবুৰীৰ আৰক্ষী মুখ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত অহা এটা আৰক্ষীৰ দলে অভিযান চলাই পলাশকান্দি গাওঁৰ জাহাঙ্গীৰ আলমৰ ঘৰৰ পৰা 16 টাকৈ চোৰাং পাম্পছেট মেচিন জব্দ কৰাৰ লগতে আটক কৰে জাহাঙ্গীৰ আলমক৷

আনহাতে গোসাঁইগাঁও কৃষি বিষয়া কাৰ্যালত কৰ্মৰত শিৰাজুল হক নামৰ সহকাৰী কৃষি পৰিদৰ্শক কৰ্মচাৰী এজনকো উক্ত চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত তামাৰহাট থানাত 113/20 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আটক কৰে আৰক্ষীয়ে ৷ কিন্তু ঘটনাৰ লগত জড়িত সহৰ আলী নামৰ ব্যক্তিজন বৰ্তমানে পলাতক হৈ আছে ৷ ঘটনা সংক্ৰান্তত খোদ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকে নিজে আহি তামাৰহাট থানাত আটকাধীন দুয়োকে অধিক তথ্যৰ বাবে সোধপোচ কৰি দুয়োকে ধুবুৰী জেল হাজতলৈ প্ৰেৰণ কৰে ৷ অবৈধ ভাবে আনি ঘৰত ৰখা পাম্পছেটৰ মেচিনবোৰ বিটিএডি গোসাইগাঁও মহকুমা কৃষি কাৰ্য্যালয়ৰ পৰা আনিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ উল্লেখ্য যে, গোসাঁইগাঁও মহকুমা কৃষি কাৰ্যালয়ৰ পৰা কৃষকৰ বাবে আবণ্টিত সামগ্ৰী এটা দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ আনহাতে পাম্পছেট দুৰ্নীতিত বিভাগীয় ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে ৷

তামাৰহাটত 16 টা কৃষি বিভাগৰ অবৈধ পাম্পছেট সহ দুজনক আটক

লগতে পঢ়কঃ বহুকেইটা দাবীৰে যোৰহাটত এছ এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

Last Updated : May 29, 2020, 6:01 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details