কোকৰাঝাৰ ৩০ ডিচেম্বৰ : পুনৰ আৰক্ষীৰ জালত দুই ঘোচখোৰ চৰকাৰী বিষয়া । হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কোকৰাঝাৰ কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তাসহ এগৰাকী জ্যেষ্ঠ সহায়ক (Agriculture officers arrested for taking bribes)৷ অভিযুক্ত বিষয়া কেইগৰাকী ক্ৰমে কোকৰাঝাৰস্থিত কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা নীলকণ্ঠ কলিতা আৰু তেওঁৰ সতীৰ্থ তথা জ্যেষ্ঠ সহায়ক সুদীপ দেৱ ।
অভিযোগ অনুসৰি কৃষি বিভাগৰ বিভিন্ন আঁচনি দিয়াৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লৈ আহিছিল দুয়োগৰাকী বিষয়াই । উৎকোচ লোৱাৰ এক ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হোৱাৰ পাছতে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে তদন্তৰ নিৰ্দেশ দিছিল (Investigation against corrupted officer in Assam) ৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে চৰকাৰী বিষয়া দুজনক গ্ৰেপ্তাৰ কৰে ৷