অসম

assam

ETV Bharat / state

গোসাঁইগাঁৱত অবৈধ অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ - গোসাঁইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টুৰাম বৰা

গোসাঁইগাঁৱত অবৈধ অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ ৷ অসম-বংগ সীমান্তৰ শিমূলটাপুত পেট্ৰ'ল পাম্পৰ সমীপত আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ৷

Truck with illegal liquor seized at Gossaigaon
গোসাঁইগাঁৱত অবৈধ অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ

By

Published : Jul 16, 2020, 10:02 PM IST

কোকৰাঝাৰ, 16 জুলাই : গোসাইগাঁও থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি ভাগত জব্দ কৰে অবৈধ সুৰা কঢ়িয়াই নিয়া এখন ট্ৰাক ৷ ইউ পি-70-এটি-2170 নম্বৰৰ বাৰচকীয়া ট্ৰাকখন বংগ অভিমুখে ৰাওনা হৈছিল ৷ অসম-বংগ সীমান্তৰ শিমূলটাপুত পেট্ৰ'ল পাম্পৰ সমীপত আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন ৷

গোসাঁইগাঁৱত অবৈধ অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ

পাচত অবৈধ সুৰাসহ ট্ৰাকখন গোসাইগাঁও থানালৈ লৈ যায় আৰক্ষীৰ দলে ৷ গোসাঁইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টুৰাম বৰাই জনোৱা মতে, ট্ৰাকখনত কমেও পাঁচ-ছয় লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা আছে ৷

উল্লেখ্য যে,চাৰি পাঁচদিন পূৰ্বে গোসাইগাঁও আৰক্ষীয়ে সাপট দলঙৰ সমীপৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এখন বিলাতী সুৰা কঢ়িওৱা ট্ৰাক জব্দ কৰিছিল যদিও সুৰা সৰবৰাহৰ লগত জড়িত চক্ৰটোক বৰ্তমানলৈকে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী বিভাগ ৷

লগতে পঢ়ক :মায়ং ৰাজহ চক্ৰত স্বপন কুমাৰ মণ্ডলৰ বান সাহাৰ্য

ABOUT THE AUTHOR

...view details