কোকৰাঝাৰ, 31 ডিচেম্বৰ: ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি)ৰ নিৰ্বাচন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলি চৰ্চা চলি থকাৰ মাজতে নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক প্ৰস্তুতি আৰু ব্যস্ততা পৰিলক্ষিত হৈছে ৷ ৰাজ্য চৰকাৰৰ এক সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে জানুৱাৰী মাহৰ নিৰ্ধাৰিত নিৰ্বাচনৰ ঘোষণাৰ পাছতে ফেব্ৰুৱাৰী মাহত টিটিএএডিচি ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
আগন্তুক নিৰ্বাচন সম্বন্ধীয় প্ৰস্তুতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি বিজেপি জনজাতি মৰ্চাৰ মুৰব্বী আৰু পূৱ-ত্ৰিপুৰা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰেৱতী ত্ৰিপুৰাই কয় যে ত্ৰিপুৰাৰ বিজেপী কৰ্মী সকলে বিজেপি দলৰ জ্যেষ্ঠ তথা শীৰ্ষ নেতা সকল আহি নিৰ্বাচনী ৰণকৌশল আলোচনা কৰাটো বিচাৰে ৷ ৰেৱতী ত্ৰিপুৰাই কয়, "আমি বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোণকৰৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকল নতুন বছৰৰ আৰম্ভণীতে ত্ৰিপুৰালৈ আহি বিজেপি কৰ্মী সকলৰ সৈতে নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আলোচনা কৰিবহি বুলি আশা ৰাখিছো ৷ ইয়াৰ উপৰিও ৰাজ্য খনত যাতে দলৰ স্থিতি সবল থাকে সেই উদ্দেশ্যে মৰ্চাৰ মুৰব্বী সকল নিৰ্ধাৰিত সূচী অনুসৰি এজন এজনকৈ আহি পৰিদৰ্শন কৰিব ৷" সাংসদ গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে জ্যেষ্ঠ নেতা সকলৰ এটা দল ত্ৰিপুৰালৈ অহাৰ সম্ভাৱনা আছে আৰু এই সকলোবোৰ কাৰ্যসূচী জানুৱাৰী মাহত অনুষ্ঠিত হ'ব ৷
বিজেপি জনজাতি মৰ্চাৰ এক সূত্ৰই কয় যে নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিব পাৰিব বুলি দল সম্পূৰ্ণ আত্মবিশ্বাসী যিহেতু নিৰ্বাচনত অকলে থিয় দিলে দলৰ শক্তি আৰু অধিক শক্তিশালী হ'ব ৷ তেওঁ কয় যে লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰি আইপিএফটিয়ে আমাক এক প্ৰত্যাহ্বান দিছিল আৰু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি প্ৰমাণ কৰিছো যে চাৰিকোণীয়া নিৰ্বাচনত তেওঁলোক চতূৰ্থটো দল ৷