অসম

assam

ETV Bharat / state

কোকৰাঝাৰত মছলা খেতিৰ ওপৰত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী সমাপ্ত - Training on Marketing of spices Kokrajhar news

কোকৰাঝাৰ চহৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় মছলা খেতিৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৷ কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত Farmer’s Agri Business Consortiumৰ সহযোগত ৰাজস্থানৰ জয়পুৰস্থিত CCS National Institute of Agriculture Marketingৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৷

কোকৰাঝাৰত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

By

Published : Nov 10, 2019, 5:43 AM IST

কোকৰাঝাৰ, 9 নৱেম্বৰঃ কোকৰাঝাৰ চহৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা মছলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰে ৷ বিটিচি অঞ্চলৰ কৃষকসকলৰ লগতে শিক্ষিত নিবনুৱাসকলৰ বাবেই আয়োজন কৰা হৈছিল এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৷

কোকৰাঝাৰত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত Farmer’s Agri Business Consortiumৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহুটো কৃষক তথা শিক্ষিত নিবনুৱাইও ৷ ৰাজস্থানৰ জয়পুৰস্থিত CCS National Institute of Agriculture Marketingৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচী বিটিচিৰ কাৰ্যবাহী সদস্য অনচুমী খুংগুৰ বড়োৱে উদ্বোধন কৰিছিল ৷ প্ৰশিক্ষণ কাৰ্যসূচীত বিটিচি প্ৰশাসনৰ কৃষি বিভাগৰ নিৰ্দেশক এমএম স্বৰ্গীয়াৰী, শীল বায়োটেক লিমিটেডৰ জেষ্ঠ মেনেজাৰ সুবোধ পানৱাৰ, নতুন দিল্লীস্থিত Farmer’s Agri Business Consortiumৰ মেনেজাৰ এচকে দাসৰ লগতে বহুটো লোক উপস্থিত থাকে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details