অসম

assam

By

Published : Feb 9, 2021, 9:34 AM IST

ETV Bharat / state

বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত কৃষকক ট্ৰেক্টৰ বিতৰণ

কোকৰাঝাৰ চহৰস্থিত জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগনত সোমবাৰে আয়োজিত এক অনুষ্ঠানযোগে কোকৰাঝাৰ জিলাৰ সাত গৰাকী কৃষক হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে বিটিআৰৰ কৃষি বিভাগে ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীক ট্ৰেক্টৰ সমূহ বিতৰণ কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷

বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত কৃষকক ট্ৰেক্টৰ বিতৰণ
বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত কৃষকক ট্ৰেক্টৰ বিতৰণ

কোকৰাঝাৰ,9 ফেব্ৰুৱাৰী:- বিটিআৰৰ কৃষি বিভাগে সোমবাৰে কোকৰাঝাৰ জিলাৰ সাত গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰিলে ট্ৰেক্টৰ ৷ কোকৰাঝাৰ চহৰত থকা জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত এক অনুষ্ঠানত এই ট্ৰেক্টৰ সমূহ বিতৰণ কৰা হয় ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ সমূহ বিতৰণ কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷

বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত কৃষকক ট্ৰেক্টৰ বিতৰণ

ইপিনে ট্ৰেক্টৰ বিতৰণৰ পিচত কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে চৰকাৰে প্ৰদান কৰা ট্ৰেক্টৰ সমূহ কৃষি কাৰ্যত সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ কাৰ্যবাহী সদস্য দাসে পূৰ্বৰ চৰকাৰৰ আমোলত প্ৰদান কৰা ট্ৰেক্টৰ সমূহ এতিয়া হিতাধিকাৰীৰ ঘৰত বিচাৰি গলেও দেখিবলৈ পোৱা নাযাব বুলি উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ লগতে ঘনশ্যাম দাসে কৃষি কাৰ্যৰ বাবে চৰকাৰে আঁচনি যোগে প্ৰদান কৰা ট্ৰেক্টৰ সমূহ কৃষি উৎপাদনত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷

বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত কৃষকক ট্ৰেক্টৰ বিতৰণ

একেদৰে চৰকাৰীভাবে বিতৰণ কৰা ট্ৰেক্টৰক অইন কামত খটুওৱা বা লীজত নিদিবলৈ কঠোৰ বাৰ্তা দিয়াৰ লগতে নীতি-নিৰ্দেশনা নমনা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়নী প্ৰদান কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷


লগতে পঢ়কঃ নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details