উজনিত পুনৰ আত্মসমৰ্পণ আলফা সদস্যৰ
আত্মসমৰ্পণকাৰী আলফা সদস্যজন(ULFA I Cadre Surrender) তিনিচুকীয়াৰ হাতীগড় গাঁৱৰ ধুনী অসম বুলি জানিব পৰা হৈছে ৷ আত্মসমৰ্পণৰ সময়ত আলফা সদস্যজনে এটা AK47 আৰু এটা হেণ্ড গ্ৰেণেড আৰক্ষীক জমা দিয়ে ৷
Automatic Coach Washing Plant: উত্তৰ পূৱ সীমান্ত ৰে'লৱেত সংলগ্ন হ'ল স্বয়ংক্ৰিয় ডবা পৰিষ্কাৰ কৰা ব্যৱস্থা
কামাখ্যাস্থিত কোচ মেইন্টেনেন্স ডিপোত ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি (NFR inaugurates automatic coach washing plant in Guwahati) । এই প্লান্টে প্ৰতিটো ডবা পৰিস্কাৰকৰণৰ বাবদ ১৪৪০ লিটাৰ পানী ৰাহি কৰিব । প্ৰতিদিনে পৰিষ্কাৰ কৰিব ৩০০ ৰ পৰা ৩৫০ টা ডবা । শিলিগুড়ি, নিউ জলপাইগুৰি, ডিব্ৰুগড়, কাটিহাৰ, শিলচৰ, নাহৰলগুণ, আলিপুৰদুৱাৰ আৰু আগৰতলা ষ্টেচনতো হ'ব এই ব্যৱস্থা ।
সাংসদ পল্লৱ লোচন দাসক ৰাজহুৱা স্থানত অপদস্থ
সাংসদ পল্লৱ লোচন দাসৰ পিঠিত ঢকিয়াই অপমান কৰিলে এজন লোকে (MP Pallab Lochan Das humiliated in public places at Rangapara)৷ ৰঙাপৰাত সংঘটিত হয় এই ঘটনা ৷
Russia Ukraine war: যুদ্ধভূমিৰ পৰা মাতৃভূমিত পদাৰ্পণ বহুকেইগৰাকী অসমীয়া শিক্ষাৰ্থীৰ
ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ৰাছিয়ান সেনাবাহিনীৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে দেশখনৰ বহু অঞ্চল ৷ ইয়াৰ মাজতে প্ৰাণৰ মমতাত ইউক্ৰেইন এৰিছে বিভিন্ন দেশৰ পৰা গৈ বাস কৰা লোকসকলে ৷ যাৰ মাজত আছে বহু ভাৰতীয় তথা অসমীয়া ৷ ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসে ইতিমধ্যে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী তথা আন ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ আনিছে (Assamese students studying in Ukraine) ৷
দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰামত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিজোৰামত উপস্থিত হৈ সাক্ষাৎ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক(Union Minister Sarbananda Sonwal arrives in Mizoram ) ৷ মিজোৰামত অভ্যন্তৰীণ জল পৰিবহণৰ বিকাশৰ লক্ষ্যৰে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, মিজোৰামৰ পৰিবহণ বিভাগ আৰু গড়কাপ্তানি বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূর্ণ বৈঠক ।