অসম

assam

ETV Bharat / state

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ - Top 10 at 5pm

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ
বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

By

Published : Dec 26, 2021, 5:06 PM IST

ডিব্ৰুগড়ত আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ ডিব্ৰুগড়ত দুটাকৈ ছাত্র সংগঠন ক্ৰমে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত শেহতীয়াকৈ সৃষ্টি হৈছিল সংঘৰ্ষৰ (Student body election conflict in Dibruagrh) ৷ ইয়াৰ পাছত ডিব্ৰুগড়ত আৰক্ষীয়ে আছু কৰ্মীক আটক কৰা(Police arrests AASU worker) ঘটনাক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi on AASU worker arrest issue) ।

Rangia suicide case : ৰঙিয়াত প্ৰেমিক-প্ৰেমিকাৰ আত্মহনন !

পুৱাই ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৰেল লাইনত উদ্ধাৰ যুৱক আৰু কিশোৰীৰ মৃতদেহ । দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাই আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰ (Couple commited suicide at Rangia)। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Fire broke out at Laharijan : অসম-নাগালেণ্ড সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড

দেওবাৰে পুৱাতেই কাৰ্বি আংলঙৰ লাহৰিজানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire broke out at Laharijan) ৷ অগ্নিকাণ্ডটোৰ ফলত বহুকেইটা বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷

Police officer attacked in Karimganj : ড্ৰাগছ বিৰোধী অভিযান চলাই আক্ৰমণৰ বলি OC সুৰজ দত্ত

ড্ৰাগছ বিৰোধী অভিযানৰত আৰক্ষী বিষয়া দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি (Police officer attacked during anti drug mission ) ৷ কৰিমগঞ্জ জিলাৰ নিলাম বজাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এদল দুষ্কৃতিকাৰীয়ে ।

New Mising Film Talig : ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি লাভ মিচিং ছবি "তলিগ"ৰ

মিচিং ৰাইজৰ বাবে সু-খবৰ ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰাক ক্ষণত মুক্তি লাভ কৰিলে মিচিং ভাষাৰ ছবি "তলিগ"এ ৷

Murder in Guwahati : গুৱাহাটী মহানগৰীত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড (Murder in Guwahati) ৷ দেওবাৰে পুৱা মহানগৰীৰ ভাস্কৰ নগৰৰ পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে(Deadbody recovered in Guwahati) ৷

Suicide Rate is Increasing in Guwahati: গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি আত্মহত্যাৰ ঘটনা

বিগত কেইবছৰমানৰ ভিতৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহননৰ ঘটনা ( Suicide Rate is Increasing in Guwahati) ৷ প্ৰত্যেক দিনাই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মহানগৰীত ৷ সমীক্ষা অনুসৰি দৈনিক গড়ে এটাতকৈ অধিক আত্মহত্যাৰ ঘটনা ঘটে গুৱাহাটীত ৷

Deadbody recovered at Tezpur : বৰদিন উদযাপন কৰিবলৈ গৈ উভতি নাহিল তেজপুৰৰ দিগন্ত

বৰদিনৰ উদযাপন কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল তেজপুৰৰ এজন যুৱক ৷ দেওবাৰে পুৱা কলিয়াভোমোৰা সেঁতুৰ কাষত লালমাটি আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ (Deadbody recovered by Lalmati Police) ৷

নিয়োগ মেলাৰ নামেৰে ভেঁকো-ভাওনাহে পাতিলে ৰাজ্য চৰকাৰে !

ৰাজ্য চৰকাৰৰ অধীনত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল জৱ মেলা ৷ কিন্তু এই মেলাত শিক্ষিত নিবনুৱাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ বহু দল-সংগঠন (Protest against Job mela) ৷

Beautiful Picnic spot Chowki : বাক্সাৰ চৌকিত বনভোজৰ আনন্দ

বছৰৰ শেষ দিনকেইটা সকলোৱে হাঁহি-ফূৰ্তিৰে আপোন মানুহ খিনিৰ সৈতে এসাজ খোৱাৰ যো-জা কৰে ৷ সৌন্দৰ্যৰ ৰাণী ৰূপে খ্যাত বাক্সা জিলাৰ চৌকি অঞ্চলত ভিৰ কৰিছেহি বিভিন্ন বনভোজ দলে(Crowd in picnic spot in Assam) ৷ চৌকিৰ মনোমোহা পৰিৱেশে মতলীয়া কৰিছে বনভোজলৈ যোৱা প্ৰতিগৰাকী ব্যক্তিকে ৷

ABOUT THE AUTHOR

...view details