কোকৰাঝাৰ, 22 জুলাই : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য় বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ সময়তে ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷
বুধাবাৰে কোকৰাঝাৰ জিলাত বিগত 24 ঘন্টাত পুনৰ আক্ৰান্ত হয় 31 গৰাকী লোক ৷ লগতে,এগৰাকী লোকৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াকে লৈ জিলাখনত 300 গৰাকী ব্যক্তি ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আনকি,ভ্ৰমণ ইতিহাস নথকা লোকৰ দেহতো ধৰা পৰিছে কৰ'ণা পজিটিভ ৷ যাৰ বাবে বৰ্তমান জিলাখনত আতংকৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে,প্ৰশাসনে গোসাঁইগাঁও পৌৰ সভা অঞ্চলক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷