কোকৰাঝাৰ, ১৮ মে': কোকৰাঝাৰৰ উল্টাপানীত জব্দ বৃহৎ পৰিমাণৰ কাঠ । সোমবাৰে বন বিভাগ আৰু এছ এছ বিয়ে কোকৰাঝাৰ জিলাৰ ৰেপু চিৰাং উল্টাপানী বনাঞ্চলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠখিনি । জব্দ হোৱা চোৰাং কাঠৰ মূল্য প্ৰায় পাঁচ লাখ হ'ব বুলি জনাই কোকৰাঝাৰ বনবিভাগে ।
কোকৰাঝাৰৰ উল্টাপানীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ - timber seized
সোমবাৰে কোকৰাঝাৰৰ উল্টাপানীত বন বিভাগ আৰু এছ এছ বিয়ে জব্দ কৰে প্ৰায় পাঁচ লাখ টকা মূল্যৰ শাল কাঠ । লগতে চোৰাং কাঠ কঢ়িওৱা তিনিখন ট্ৰেক্টৰ আৰু এখন পালছাৰ বাইক জব্দ কৰে বুলি জানিবলৈ দিয়ে কোকৰাঝাৰ বন বিভাগে ।
কোকৰাঝাৰৰ উল্টাপানীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
চোৰাং কাঠসহ কাঠ কঢ়িওৱা তিনিখন ট্ৰেক্টৰ, এখন পালছাৰ বাইক জব্দ কৰে বন বিভাগে । গোপন সূত্ৰৰ ভিত্তিতে বন বিভাগ আৰু এছ এছ বিৰ বাহিনীয়ে যৌথভাবে অভিযান চলোৱাত মূল্যবান শাল গছ ভৰ্তি ট্ৰেক্টৰক জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ।