অসম

assam

By

Published : Nov 12, 2020, 1:12 PM IST

ETV Bharat / state

‘‘শেষ নিশ্বাস পৰ্যন্ত আছুৰ বাবেই কাম কৰি যাম’’- সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নিজৰ স্থিতিত অটল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ ওদালগুৰিত পুনৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে আছুৰ মুখ্য উপদেষ্টা জনে । ‘‘মই দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু খিলঞ্জীয়া মানুহৰ হকে কাম যাম’’ বুলি মত প্ৰকাশ সমুজ্জ্বল ভট্টাচাৰ্যৰ ৷ ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰা বিষয়টো প্ৰধান বিষয় হ'ব দুলীয়াজান অধিৱেশনৰ ৷ অসমত এখন পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ পোষকতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

Samujjal Bhattacharya
Samujjal Bhattacharya

কোকৰাঝাৰ, 12 নবেম্বৰ : ‘‘অন্তিম শ্বাস লোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাৰ হৈ সেৱা কৰি যাম’’- অৱসৰৰ গুজৱ উঠি থকাৰ মাজতে এই মন্তব্য কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ এক প্ৰকাৰ যেন নিশ্চিত হৈ পৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আছু ত্যাগ ৷ নিজৰ স্থিতিত বৰ্তমানেও অটল হৈ আছে সমুজ্জ্বল ভট্টাচাৰ্য ৷ শেহতীয়াভাৱে আছুৰ জ্যেষ্ঠ নেতা গৰাকীৰ ভাষ্যইও ইয়াৰ উমান দিছে ৷ ওদাগুৰিত অনুষ্ঠিত সদৌ ওদালগুৰি জিলা ছাত্ৰসন্থাৰ বাৰ্ষিক অধিবেশনৰ মঙলবাৰে অনুষ্ঠিত প্ৰতিনিধি সভাত অংশ লয় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ আছুৰ মুখ্য উপদেষ্টা জনে সাংবাদিকৰে হোৱা বাৰ্তালাপত দুলীয়াজানত অনুষ্ঠিত হ'ব লগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰা বিষয়টো প্ৰধান বিষয় হ'ব বুলি উল্লেখ কৰে ।

নিজৰ স্থিতিত বৰ্তমানেও অটল হৈ আছে সমুজ্জ্বল ভট্টাচাৰ্য

ইয়াৰ লগতে বিভিন্ন জাতি-জনজাতি, জনগোষ্ঠী, ধৰ্মালম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ অসমত প্ৰভূত্ব, নিয়ন্ত্ৰণ থকাৰ লগতে অসম খন আমাৰ হৈ থাকিব লাগিব বুলি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে । তেওঁ লগতে অসমত এখন পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ অত্যন্ত প্ৰয়োজন আছে বুলিও উল্লেখ কৰে । ইপিনে আছুৰ আগন্তুক দুলীয়াজান অধিৱেশনতে অৱসৰ গ্ৰহণ কৰাৰ কথা পুনৰ বাৰ উল্লেখ কৰি শেষ নিশ্বাস থকালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে সেৱা কৰি যাম বুলিও মন্তব্য কৰে সমুজ্জ্বল ভট্টাচাৰ্যই । তেওঁ লগতে দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু খিলঞ্জীয়া মানুহৰ হকে কাম যাম বুলিও পুনৰ বাৰ স্পষ্ট কৰি দিয়ে ।

ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ অধিৱেশনৰ অন্তিম দিনাখন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ, সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে কৰি বহু কেইজন শীৰ্ষ আছু নেতাই অংশ গ্ৰহণ কৰে।

লগতে পঢ়ক :আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details