অসম

assam

By

Published : Apr 5, 2021, 9:16 PM IST

Updated : Apr 6, 2021, 8:26 AM IST

ETV Bharat / state

তিনি-চাৰি তৰপীয়া যাত্ৰা পথেৰে ভোট কেন্দ্ৰত উপস্থিত নিৰ্বাচনী বিষয়া

ছয়গাঁৱৰ চৰাঞ্চলৰ ১৩ টা ভোট কেন্দ্ৰলৈ তিনি-চাৰি তৰপীয়া যাত্ৰা পথেৰে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলগীয়া হৈছে একাংশ প'লিং, প্ৰিজাইডিং বিষয়া । প্ৰথমে বাছ, দ্বিতীয়তে নৌকা আৰু শেষত ম’হ গাড়ী নাইবা ট্ৰেক্টৰ ব্যৱহাৰ হৈছে এই যাত্ৰা পথত ।

তিনি-চাৰি তৰপীয়া যাত্ৰ পথেৰে ভোট কেন্দ্ৰত উপস্থিত নিৰ্বাচনী বিষয়া
তিনি-চাৰি তৰপীয়া যাত্ৰ পথেৰে ভোট কেন্দ্ৰত উপস্থিত নিৰ্বাচনী বিষয়া

বকো, 5 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প'লিং, প্ৰিজাইডিং বিষয়া-কৰ্মচাৰী সকল । ছয়গাঁৱৰ চৰাঞ্চলৰ ১৩ টা ভোট কেন্দ্ৰলৈ তিনি-চাৰি তৰপীয়া যাত্ৰা পথেৰে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলগীয়া হৈছে একাংশ প'লিং, প্ৰিজাইডিং বিষয়া সকল । প্ৰথমে বাছ, দ্বিতীয়তে নৌকা আৰু শেষত ম’হ গাড়ী নাইবা ট্ৰেক্টৰ ব্যৱহাৰ হৈছে এই যাত্ৰা পথত ।

তিনি-চাৰি তৰপীয়া যাত্ৰ পথেৰে ভোট কেন্দ্ৰত উপস্থিত নিৰ্বাচনী বিষয়া

উল্লেখ্য যে, ছয়গাঁৱৰ ১৩টা ভোট কেন্দ্ৰৰ প্ৰায় ৮ হাজাৰ ভোটাৰৰ মতদান গ্ৰহণ কৰিবলৈ তিনি তৰপীয়া যাত্ৰা পথৰে ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে প'লিং, প্ৰিজাইডিং বিষয়া-কৰ্মচাৰী । ছয়গাঁৱৰ চৰাঞ্চল ক্ৰমে বাতাহিদিয়া, কলতলি, দুৰামাৰী, শালমাৰা, বালাগাঁৱকে ধৰি ১৩ টা ভোট কেন্দ্ৰলৈ প'লিং, প্ৰিজাইডিং বিষয়া-কৰ্মচাৰী গৈছে তিনি তৰপীয়া যাত্ৰা পথেৰে ।

প্ৰথমে ছয়গাঁৱৰ আলিকাষত বাছৰে আহি উপস্থিত হৈছে প'লিং বিষয়াসকল । তাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰে যন্ত্ৰচালিত নৌকাত ১৩টা স্থানলৈ যাত্ৰ । অৱশেষত ট্ৰেক্টৰ, ম’হ, গৰুৰ গাড়ীৰে ভোট কেন্দ্ৰ উপস্থিত প'লিং, প্ৰিজাইডিং বিষয়া-কৰ্মচাৰী ।

লগতে পঢ়ক:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন

Last Updated : Apr 6, 2021, 8:26 AM IST

ABOUT THE AUTHOR

...view details