অসম

assam

ETV Bharat / state

কোকৰাঝাৰৰ তিনি স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা - কোকৰাঝাৰৰ তিনি স্থানক কন্টেইনমেন্ট জ’ন

কোকৰাঝাৰ জিলাত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ সংক্ৰমণ ৷ বুধবাৰে জিলাখনত নতুনকৈ ৮৬ জন লোকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে ৷ কোকৰাঝাৰৰ তিনি স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ ৷

covid
কোকৰাঝাৰৰ তিনি স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ

By

Published : May 27, 2021, 1:00 PM IST

কোকৰাঝাৰ,২৭ মে': সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ সংক্ৰমণ ৷ বুধবাৰে জিলাখনত নতুনকৈ ৮৬ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ তদুপৰি কেতবোৰ অঞ্চলত সংক্ৰমণৰ মাত্ৰা অধিক হোৱাত জিলাখনৰ তিনিটা স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ ইয়াৰে কোকৰাঝাৰ সদৰ চহৰৰ হাদানপাৰা বৃহত্তৰ অঞ্চলক সাঙুৰি বুধবাৰে কণ্টেইনমেণ্ট জন ঘোষণা কৰা হয় ৷

কোকৰাঝাৰৰ তিনি স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা

উল্লেখ্য যে, হাদানপাৰাৰ লক্ষ্মণ অধিকাৰী নামৰ এগৰাকী বৃদ্ধ যোৱা ১২ মে'ত কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় । বৰ্তমান উক্ত এলেকাত ২০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে । দ্ৰুতগতিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে জিলা প্ৰশাসনে এক নিৰ্দেশনামৰ্মে হাদানপাৰা অঞ্চলৰ পূৱ দিশত দীপক ব্ৰহ্ম, পশ্চিম দিশত দিল বাহাদুৰ ছেত্ৰী, দক্ষিণত ধনঞ্জন ৰায় আৰু উত্তৰে দুশমন্ত ব্ৰহ্মৰ ঘৰলৈ কণ্টেইনমেণ্ট জ’নৰ সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷

কোকৰাঝাৰৰ তিনি স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা

ইতিমধ্যে উক্ত এলেকাত সকলো লোকৰ যাতায়ত নিষিদ্ধ কৰাৰ লগতে নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে ঘোষণা কৰিছে ৷ তদুপৰি কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ অন্তৰ্গত ফকিৰাগ্ৰামৰ থানাৰ ১ নং পচাগড় আৰু ২ নং পচাগড় এলেকাত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত উক্ত অঞ্চল দুটা মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: সৰভোগত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ চাৰি যুৱক আটক

ABOUT THE AUTHOR

...view details