কোকৰাঝাৰ, 29 এপ্ৰিলঃ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী নায়েকগাঁৱৰ তিনিগৰাকী গাৰো যুৱতীয়ে লক্ ডাউনৰ সময়চোৱাত, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে হাতত লৈছে এক প্ৰয়াস । নায়েকগাঁৱৰ চন্দ্ৰিকা চাংমা, ৰেবিকা মাৰাক আৰু লক্ষ্মী মাৰাক নামৰ তিনিগৰাকী যুৱতীয়ে ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে মাস্ক । বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লক্ ডাউনত গৃহবন্দী হৈ পৰা একাংশ জনতাই, আজৰি সময় কটোৱাৰ বাবে লোৱা কৰ্ম সংস্কৃতিৰ এইয়া যেন এক অন্যতম নিদৰ্শন । জানিব পৰা অনুসৰি, এই তিনিগৰাকী যুৱতীৰ আৰ্দশই এতিয়া মাস্ক উৎপাদনত প্ৰেৰণা যোগাইছে কোকৰাঝাৰ জিলাৰ গ্ৰামাঞ্চলৰ লোকক ।
চহা লোকৰ মাজত সুলভ মূল্যত মাস্ক যোগান তিনি যুৱতীৰ - কোকৰাঝাৰ
কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী নায়েকগাঁৱৰ চন্দ্ৰিকা চাংমা, ৰেবিকা মাৰাক আৰু লক্ষ্মী মাৰাক নামৰ তিনিগৰাকী যুৱতীয়ে ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে মাস্ক । যুৱতীকেইগৰাকীৰ দ্বাৰা উৎপাদিত এই মাস্কে কোকৰাঝাৰ জিলাৰ পাশ্বৱৰ্তী অঞ্চলৰ লোককে ধৰি, চাহ বাগানৰ মজদুৰসকলৰ মাজত যথেষ্ট চাহিদা লাভ কৰিছে ।
![চহা লোকৰ মাজত সুলভ মূল্যত মাস্ক যোগান তিনি যুৱতীৰ three girls of kokrajhar sewing face masks during corona virus crisis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6984603-728-6984603-1588140156723.jpg)
three girls of kokrajhar sewing face masks during corona virus crisis
চহা লোকৰ মাজত সুলভ মূল্যত মাস্ক যোগান ধৰি সজাগতা সৃষ্টিৰ প্ৰয়াস তিনিগৰাকী যুৱতীৰ
ইয়াৰোপৰি এই সন্ধিক্ষণত বজাৰত মাস্কৰ নাটনি দূৰ কৰিবলৈ আৰু কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ, বিশেষকৈ গ্ৰামাঞ্চলৰ লোকৰ মাজত সুলভ মূল্যত মাস্ক পৰিধানেৰে সজাগতা অনাৰ বাবে, এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে এগৰাকী যুৱতীয়ে । উল্লেখ্য যে, যুৱতী কেইগৰাকীয়ে, এদিনত গড়ে ১০০ খনকৈ মাস্ক প্ৰস্তুত কৰে বুলি জানিবলৈ দিয়ে । যুৱতীকেইগৰাকীয়ে প্ৰস্তুত কৰা ৩০ টকা দৰৰ এই মাস্কে ইতিমধ্যে, কোকৰাঝাৰ জিলাৰ পাশ্বৱৰ্তী অঞ্চলৰ লোককে ধৰি চাহ বাগানৰ মজদুৰ সকলৰ মাজতো যথেষ্ট চাহিদা লাভ কৰিছে ।