অসম

assam

ETV Bharat / state

কোকৰাঝাৰত গ্ৰেপ্তাৰ তিনি প্ৰৱঞ্চক - তিনি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহযোগত তিনি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰৱঞ্চক কেইজনৰ বিৰুদ্ধে দিচপুৰ থানাত ১৫৬৫/১৮ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/৪৬৮ ধাৰাত গোচৰ হৈছিল ৰুজু ৷

কোকৰাঝাৰত গ্ৰেপ্তাৰ তিনি প্ৰৱঞ্চক

By

Published : Sep 19, 2019, 11:13 PM IST

কোকৰাঝাৰ, ১৯ চেপ্তেম্বৰঃগুৱাহাটীৰ দিচপুৰত বিগত বৰ্ষত ৰুজু হোৱা প্ৰৱঞ্চনাৰ এক গোচৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত পৃথকে পৃথকে চলোৱা অভিযানত আটক কৰে তিনি প্ৰৱঞ্চকক ৷

কলকাতাৰ যাদৱপুৰ বিক্ৰমগড়ৰ অলোক সেনৰ উপৰি কামৰূপ মেট্ৰ'ৰ ভাস্কৰ নগৰৰ নিবাসী মনোজ কুমাৰ ডেকাৰ লগতে কামৰূপ গ্ৰাম্যৰ হাকোৰাৰ নিবাসী তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰদীপ কলিতাক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰিছে ৷ আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দিচপুৰ থানাত প্ৰৱঞ্চক কেইটাৰ বিৰুদ্ধে ১৫৬৫/১৮ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/৪৬৮ ধাৰাত গোচৰ ৰুজু কৰা হয় ৷

ABOUT THE AUTHOR

...view details