অসম

assam

ETV Bharat / state

কোকৰাঝাৰত নিৰ্বাচনী হিংসা : দুৰ্বৃত্তৰ আক্ৰমণত আহত তিনি এবছু কৰ্মী

নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকা মাজতে কোকৰাঝাৰত সৃষ্টি হয় নিৰ্বাচনী হিংসা ৷ দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰে তিনিগৰাকী এবছু কৰ্মী ৷ উক্ত ঘটনাত বিপিএফৰ কৰ্মী জড়িত থকাৰ অভিযোগ ইউ পি পি এল ৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷

কোকৰাঝাৰত নিৰ্বাচনী হিংসা

By

Published : Apr 23, 2019, 7:57 PM IST

কোকৰাঝাৰ, ২৩ এপ্ৰিল : নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকা মাজতে কোকৰাঝাৰত সৃষ্টি হয় নিৰ্বাচনী হিংসা ৷ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় তিনি এবছু কৰ্মী ৷ দুষ্কৃতিকাৰীয়ে এবছু কৰ্মীৰ দুখনকৈ বাহন ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে লাঠীৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে তিনিগৰাকীকৈ এবছু কৰ্মীক ৷ কোকৰাঝাৰৰ গৌৰাং দলঙৰ সমীপত আৰু সদৰ চহৰৰ মাজমজিয়াত পৃথকে পৃথকে হোৱা আক্ৰমণত আহত তিনি এবছু কৰ্মী ক্ৰমে ৰতন বসুমতাৰী, খৌৰমদাও মুছাহাৰী আৰু ধ্ৰুৱজিৎ ব্ৰহ্ম ৷ সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তিনিওগৰাকী ৷

কোকৰাঝাৰত নিৰ্বাচনী হিংসা
ইপিনে ঘটনাৰ খৱৰ লাভ কৰা মাত্ৰকে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত উপস্থিত হয় ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম , এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী ৷ উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰাৰ আহ্বান জনায় দুয়োগৰাকীয়ে । উক্ত ঘটনাত বিপিএফৰ কৰ্মী জড়িত থকাৰ অভিযোগ তোলে উৰ্খাও গৌৰা ব্ৰহ্মই । আনহাতে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে চিকিৎসালয়ত উপস্থিত হৈ আহতৰ অৱস্থাৰ বুজ লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰি দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰে । নিৰ্বাচন অন্ত পৰাৰ প্ৰাকমূহুৰ্তত সংঘটিত হোৱা উক্ত ঘটনাটোৱে কোকৰাঝাৰত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

ABOUT THE AUTHOR

...view details