অসম

assam

ETV Bharat / state

কোকৰাঝাৰত কৰ যোৰে প্ৰাৰ্থনা ভাৰতীয় নৌ-সেনা জোৱানৰ

নিজ ভগ্নীৰ অপহৃত স্বামীৰ মুক্তিৰ বাবে সংবাদ মাধ্যমৰ আগত কৰ যোৰে প্ৰাৰ্থনা এগৰাকী নৌ-সেনা জোৱানৰ ৷ দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ নামত যৌৱনৰ 9 বছৰ অৰ্পণ কৰা জোৱানজনে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত কৰযোৰে প্ৰাৰ্থনা জনালে ভনী জোৱাইক বিচাৰি উলিওৱাৰ বাবে ৷

নৌ-সেনা জোৱানৰ কৰযোৰে প্ৰাৰ্থনা

By

Published : Nov 6, 2019, 5:30 AM IST

Updated : Nov 6, 2019, 9:37 AM IST

কোকৰাঝাৰ, 5 নৱেম্বৰঃএগৰাকী ভাৰতীয় নৌ-সেনাত কৰ্মৰত জোৱান ৷ ব্যক্তিগত সুৰক্ষা তথা বিভাগীয় গোপনীয়তাৰ বাবে আমি তেখেতৰ নাম প্ৰকাশৰ পৰা বিৰত আছো ৷ দেশৰ সুৰক্ষা তথা অখণ্ডতাৰ বাবে নিয়োজিত কৰা জোৱানজনৰ হাত যোৰে কাতৰ অনুৰোধ সংবাদ মাধ্যমক ৷ জোৱানগৰাকী বিগত 27 ছেপ্তেম্বৰত ছেৰফাংগুৰিৰ পৰা অপহৃত হোৱা ব্যৱসায়ী প্ৰদীপ শীলৰ খুলশালী ৷

কোকৰাঝাৰত প্ৰতিবাদ

মঙলবাৰে কোকৰাঝাৰ চহৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনকে ধৰি বহুকেইটা সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীতে উপস্থিত থাকে নৌ-সেনাত কৰ্মৰত জোৱানজনে নিজৰ ভনী জোৱাইক মুক্তিৰ বাবেই কৰ যোৰে প্ৰাৰ্থনা কৰে ৷ দেশমাতৃৰ এগৰাকী সুযোগ্য সন্তানৰ এই আহ্বান চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

নৌ-সেনা জোৱানৰ কৰযোৰে প্ৰাৰ্থনা

উল্লেখযোগ্য যে, মঙলবাৰে কোকৰাঝাৰ চহৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন,বাঙালী জন মুক্তি বাহিনী (আলোচনা পন্থী) আৰু সদৌ অসম প্ৰাক্তন বিটিএফ জন কল্যাণৰ যৌথ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ শৰণাৰ্থী শিবিৰত আবদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়া,ডি ভোটাৰৰ নামত হিন্দু বাঙালীৰ প্ৰতি কৰা অন্যায় বন্ধ কৰা,চক্ৰান্ত মূলকভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা হিন্দু বাঙালীৰ নাম বাদ দিয়া আৰু অপহৃত প্ৰদীপ শীলৰ মুক্তিত স্থানীয় শিশু উদ্যানত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে চাওকঃ একেদিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত তিনিটা অগ্নিকাণ্ড; গোৱালপাৰাত জ্বলিল চলন্ত ট্ৰাক

Last Updated : Nov 6, 2019, 9:37 AM IST

ABOUT THE AUTHOR

...view details