অসম

assam

ETV Bharat / state

তিনিখনকৈ শান্তি চুক্তিয়েও শান্তি ঘূৰাই আনিব নোৱাৰিলে বড়োভূমিলৈ - অস্ত্ৰ-শস্ত্ৰ

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বৰ্তমানলৈ বিটিএডিত জব্দ হৈছে এম 16 আৰু এইছ কে ৰাইফলসহ মুঠ 40 টা এ কে চিৰিজৰ ৰাইফল, 17 টা পিষ্টল,174 টা গ্ৰেণেড, 1,510 জাঁই সজীৱ গুলীৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু ৱাকিটকী ৷ এইসমূহ অস্ত্ৰ-শস্ত্ৰ কোন সংগঠন অথবা ব্যক্তি বিশেষৰ সেয়া বৰ্তমানেও সদৰী কৰা নাই আৰক্ষীয়ে ৷

the three peace treaties could not bring peace back to BTR Kokrajhar assam etv bharat news
বিটিএডিত জব্দ অস্ত্ৰ-শস্ত্ৰ

By

Published : Aug 28, 2020, 3:04 PM IST

Updated : Aug 28, 2020, 4:27 PM IST

কোকৰাঝাৰ,28 আগষ্ট: 2003 চনত বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচত বড়ো ভূমিত শান্তি প্ৰতিষ্ঠাৰ হকে 2020 চনত স্বাক্ষৰিত হ’ল ঐতিহাসিক বিটিআৰ চুক্তি ৷ শান্তি চুক্তিৰ বাবে দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিহাৰ কৰি মূলসূঁতিলৈ উলটি আহিল এনডিএফবি-ৰ অধ্যক্ষ বি ছাওৰাইগৌড়া আৰু সম্পাদক বিআৰ ফেৰেংগা ৷ কেন্দ্ৰ চৰকাৰ,ৰাজ্য চৰকাৰ আৰু এনডিএফবি-ৰ চাৰিটা গোটৰ মাজত দিল্লীত স্বাক্ষৰিত হ’ল বড়ো শান্তি চুক্তি ৷ শান্তি চুক্তি স্বাক্ষৰৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহি উষ্মতাৰে বড়ো ভূমিত ভাষণ দি গ’ল ৷ কিন্তু শান্তি নাহিল বড়ো ভূমিলৈ ৷

এতিয়া বড়ো ভূমিত বলিবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ ৷ মূলতঃ বিপিএফ আৰু ইউপিপিএল-ৰ মাজত মূল ৰণ চলি আছে যদিও নৱ শৰণীয়াৰ দলো কাৰক হিচাপে চিহ্নিত হৈছে দুয়োদলৰ বাবে ৷ তাৰ মাজতে এটাৰ পাচত আন এটা অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ঘটনাই কঁপাইছে বড়োভূমি ৷ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ বিভিন্ন ঠাইত তৃতীয় শান্তি চুক্তিৰ পাচতো উদ্ধাৰ হৈছে অবৈধ মাৰণাস্ত্ৰ ৷

বিটিএডিত জব্দ অস্ত্ৰ-শস্ত্ৰ

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বৰ্তমানলৈ বিটিএডিত জব্দ হৈছে এম 16 আৰু এইছ কে ৰাইফলসহ মুঠ 40 টা এ কে চিৰিজৰ ৰাইফল, 17 টা পিষ্টল,174 টা গ্ৰেণেড,1,510 জাঁই সজীৱ গুলীৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু ৱাকিটকী ৷ এইসমূহ অস্ত্ৰ-শস্ত্ৰ কোন সংগঠন অথবা ব্যক্তি বিশেষৰ সেয়া বৰ্তমানেও সদৰী কৰা নাই আৰক্ষীয়ে ৷

উল্লেখ্য যে,শান্তি চুক্তিৰ পূৰ্বে অস্ত্ৰ সম্বৰণ কৰা এনডিএফবি-ৰ নেতা-সদস্যই সকলো অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক চমজাই দিয়াৰ তথ্য পোহৰলৈ আহিছিল ৷ কিন্তু তেনেক্ষেত্ৰত এইসমূহ মাৰণাস্ত্ৰক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷ যদিহে এনডিএফবি-য়ে অস্ত্ৰসমূহ আৰক্ষীক চমজাই দিছে, তেন্তে এইয়া কাৰ অস্ত্ৰ ? এইসমূহ অস্ত্ৰ গুপ্তভাৱে মজুত ৰখাৰ আঁৰত কাৰ স্বাৰ্থ নিহিত হৈ আছে ? এই অস্ত্ৰৰ জনজননিৰ মাজত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাতো সম্ভৱ হ’ব নে ? এই সকলো প্ৰশ্নৰ উত্তৰ সন্দিহানত ৷ মুঠতে বড়োভূমিৰ এই পৰিৱেশে এটা কথাই প্ৰতিপন্ন কৰিছে, তিনিখনকৈ শান্তি চুক্তিয়েও শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই বিটিএডিত ৷

লগতে চাওকঃভাৰত-ম্যানমাৰ সীমান্তত আটক তিনি আলফা কেডাৰ

Last Updated : Aug 28, 2020, 4:27 PM IST

ABOUT THE AUTHOR

...view details