এদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশন সমাপ্তি
বুধবাৰে বিটিচি বিধান পৰিষদৰ এদিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত ৷ প্ৰশ্ন উত্তৰ শিতানেৰে আৰম্ভ হোৱা অধিৱেশন খনত বিটিচিৰ বানপানী, শিক্ষা, স্বাস্থ্য আদি বিষয়ত আলোচনা কৰা হয় ৷
কোকৰাঝাৰ, 28 আগষ্টঃ বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে বিটিচি বিধান পৰিষদৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হয় ৷ বিটিচি বিধান পৰিষদৰ ভৱনত তৃদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই অধিবেশন খন প্ৰশ্ন উত্তৰ শিতানেৰে আৰম্ভ হয় আৰু বিটিচিৰ বানপানী, শিক্ষা, স্বাস্থ্য আদি বিষয়ত প্ৰশ্ন উত্থাপন কৰে বিৰোধী সদস্য সকলে৷ বিৰোধী দলপতি ৰোনগোৰা নাৰ্জাৰীয়ে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বানে উটুৱাই নিয়া ঘৰ সমূহ চৰকাৰে পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰত্যুত্তৰত বিটিচি প্ৰধান হাগ্ৰামা মাহিলাৰীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে বুলি মন্তব্য কৰাৰ লগতে বানত আক্ৰান্তসকলৰ পুনৰ সংস্থাপনৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে ৷