অসম

assam

ETV Bharat / state

লকডাউনঃ কোকৰাঝাৰত আৱদ্ধ পঞ্জাৱৰ বিশেষভাৱে সক্ষম দম্পতী - পঞ্জাৱৰ বিশেষভাৱে সক্ষম দম্পতী

পঞ্জাবৰ সংৰুৰ জিলাৰ বাদ্ৰুখানৰ বাসিন্দা তথা দিব্যাংগ ৰামপাল চৌহানে তেওঁৰ দিব্যাংগ সহধৰ্মিনী সুখিন্দৰ চৌহান আৰু দুই সন্তানসহ বিগত ফেব্ৰুৱাৰী মাহতে কোকৰাঝাৰৰ গোঁসাইগাঁওস্থিত পত্নীৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ৷ পৰৱৰ্তী সময়ত পৰিয়ালটোৱে ঘৰলৈ উভতি যোৱাৰ প্ৰস্তুতি চলোৱাৰ সময়তে সমগ্ৰ দেশতে বলৱৎ হয় লক ডাউন কাৰ্যসূচী ৷ যাৰ বাবে পত্নীৰ গৃহতে আবদ্ধ হৈ থাকিবলগীয়া হয় পৰিয়ালটো ৷

the specially-abled couple locked in Kokrajhar due to lockdown
নিজ গৃহলৈ যাব নোৱাৰি কোকৰাঝাৰত তিনি মাহে আবদ্ধ পঞ্জাৱৰ দিব্যাংগ দম্পত্তি

By

Published : May 20, 2020, 1:14 PM IST

কোকৰাঝাৰ, 20 মে': বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰে দেশৰ লগতে অসমতো অব্যাহত আছে লক ডাউন ৷ কিন্তু লক ডাউনৰ বাবে এতিয়া নিজ গৃহলৈ যাব নোৱাৰি কোকৰাঝাৰৰ গোঁসাইগাঁওত তিনি মাহে পৰিয়ালসহ আৱদ্ধ হৈ আছে পঞ্জাৱৰ এহাল দম্পত্তি ৷

জানিব পৰা মতে,পঞ্জাৱৰ সংৰুৰ জিলাৰ বাদ্ৰুখানৰ বাসিন্দা তথা বিশেষভাৱে সক্ষম ৰামপাল চৌহানে তেওঁৰ বিশেষভাৱে সক্ষম সহধৰ্মিনী সুখিন্দৰ চৌহান আৰু দুই সন্তানসহ বিগত ফেব্ৰুৱাৰী মাহতে কোকৰাঝাৰৰ গোঁসাইগাঁওস্থিত পত্নীৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ৷ পৰৱৰ্তী সময়ত পৰিয়ালটোৱে ঘৰলৈ উভতি যোৱাৰ প্ৰস্তুতি চলোৱাৰ সময়তে সমগ্ৰ দেশতে বলৱৎ হয় লক ডাউন কাৰ্যসূচী ৷ যাৰ বাবে পত্নীৰ গৃহতে আৱদ্ধ হৈ থাকিবলগীয়া হয় পৰিয়ালটো ৷

নিজ গৃহলৈ যাব নোৱাৰি কোকৰাঝাৰত তিনি মাহে আবদ্ধ পঞ্জাৱৰ দিব্যাংগ দম্পত্তি

আনহাতে,পঞ্জাৱৰ বাদ্ৰুখানৰ স্থানীয় অসামৰিক চিকিৎসালয়ত নিম্নবৰ্গৰ সহায়ক ৰামপাল চৌহানে স্বগৃহলৈ উভতি যোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে গোসাঁইগাওঁ মহকুমাধিপতি কাৰ্যালয়ৰ লগত যোগাযোগ কৰিছিল যদিও বৰ্তমানলৈ লাভ কৰা নাই কোনো সঁহাৰি । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্য চৰকাৰৰ ওচৰত নিজ গৃহলৈ যোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়কঃৰাজ্যত পুনৰ সলনি চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়সীমা

ABOUT THE AUTHOR

...view details