অসম

assam

ETV Bharat / state

কোকৰাঝাৰৰ ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কাৰাবন্দীৰ - ভাৰতীয় দণ্ডবিধি আইন

ধৰ্ষণৰ অপৰাধত চিৰাং জিলাৰ ঢালিগাঁও থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ মৰ্মে ৰুজু হোৱা গোচৰ(নং ১১২/২০) অনুসৰি কোকৰাঝাৰৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল সুক্ত মুৰ্ম ওৰফে সুক্লা(২৭) নামৰ এজন লোক ৷ কিছুদিন পূৰ্বে ক'ভিড19 ত আক্ৰান্ত হৈছিল কাৰাবন্দীজন ৷ তাৰপিছতে 24জুলাইত চিকিৎসাৰ বাবে কাৰাবন্দীজনক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰত ৷ কিন্তু সুৰক্ষা ব্যৱস্থাৰ সুযোগ লৈ চিকিৎসালয়ৰ খিৰিকী ভাঙি পলাই যাবলৈ সক্ষম হয় কাৰাবন্দীজন ৷

The prisoner of kokrajhar District Jail escaped from the Covid Care Center
কোকৰাঝাৰৰ ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কয়দীৰ

By

Published : Jul 29, 2020, 10:18 PM IST

কোকৰাঝাৰ,29 জুলাইঃ কোকৰাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। কৰ'ণা ভাইৰাছত আক্ৰান্ত এজন কাৰাবন্দীয়ে আজি খিৰিকী ভাঙি পলায়ন কৰে ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰা ৷ জানিব পৰা মতে,ধৰ্ষণৰ অপৰাধত চিৰাং জিলাৰ ঢালিগাঁও থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ মৰ্মে ৰুজু হোৱা গোচৰ(নং ১১২/২০) অনুসৰি কোকৰাঝাৰৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল সুক্ত মুৰ্ম ওৰফে সুক্লা(২৭) নামৰ এজন লোক ৷

কোকৰাঝাৰৰ ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কয়দীৰ

কিছুদিন পূৰ্বে ক'ভিড-19ত আক্ৰান্ত হৈছিল কাৰাবন্দীজন ৷ তাৰপিছতে 24 জুলাইত চিকিৎসাৰ বাবে কাৰাবন্দীজনক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰত ৷ কিন্তু সুৰক্ষা ব্যৱস্থাৰ সুযোগ লৈ চিকিৎসালয়ৰ খিৰিকী ভাঙি পলাই যাবলৈ সক্ষম হয় কাৰাবন্দীজন ৷

ইফালে আজি পুৱাই এই ঘটনা প্ৰত্যক্ষ কৰি চিকিৎসালয়ৰ এগৰাকী নাৰ্চে চিকিৎসালয় কৰ্তৃপক্ষক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ইয়াৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই অৱগত কৰে জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক ৷ আনহাতে পলায়ন কৰা কাৰাবন্দীজনৰ সন্দৰ্ভত ইতিমধ্যে ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

কোকৰাঝাৰৰ ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কয়দীৰ

উল্লেখযোগ্য যে,কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰত বৰ্তমান কাৰাগাৰত ক'ভিড-19 প'জিটিভত আক্ৰান্ত হোৱা কাৰাবন্দীকে ধৰি ৭১ গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰি আছে ৷

লগতে পঢ়কঃ বানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details