অসম

assam

ETV Bharat / state

শ্ৰীৰামপুৰত তালাচী চকীত হ্ৰাস পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা - উত্তৰ পূৱৰ দুৱাৰমুখ শ্ৰীৰামপুৰত

উত্তৰ পূবৰ দুৱাৰমুখ তথা আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰ পৰীক্ষণ চকীত নাই মানুহৰ দীঘলীয়া শাৰী। দুদিন পূৰ্বে অজস্ৰ লোকৰ কোলাহল হৈ থকা শ্ৰীৰামপুৰ পৰীক্ষণ চকীত আজি কৰ্মচাৰীৰ ব্যস্ততাও কমি আহিছে ৷

The number of people coming from outside the state is decreasing in Srirampur
শ্ৰীৰামপুৰত তালাচী চকীত হ্ৰাস পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা

By

Published : Jun 2, 2020, 3:05 PM IST

কোকৰাঝাৰ, 2 জুন: দুদিন পূৰ্বে মেলা সদৃশ পৰিৱেশ হৈ থকা উত্তৰ পূৱৰ দুৱাৰমুখ শ্ৰীৰামপুৰত মঙলবাৰে নিমাওমাও পৰিৱেশ পৰিলক্ষিত হয় ৷ বহিঃৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ পঞ্জীয়ন আৰু স্কেনিঙত ব্যস্ত হৈ থকা পৰীক্ষণ চকীত অতি কম সংখ্যক কৰ্মচাৰী দেখা পোৱা যায় ৷ উত্তৰ পূৱৰ দুৱাৰমুখ তথা আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰ পৰীক্ষণ চকীত নাই মানুহৰ দীঘলীয়া শাৰী। দুদিন পূৰ্বে অজস্ৰ লোকৰ কোলাহল হৈ থকা শ্ৰীৰামপুৰ পৰীক্ষণ চকীত আজি কৰ্মচাৰীৰ ব্যস্ততাও কমি আহিছে ৷ কাৰণ ক্ৰমাৎ হ্ৰাস পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৷ মঙলবাৰে শ্ৰীৰামপুৰত বিগত দিনৰ সম্পূৰ্ণ এখন বিপৰীত ছবি পৰিলক্ষিত হয় ৷ আনহাতে মঙলবাৰৰ পৰা কোকৰাঝাৰৰ লগতে গোসাঁইগাঁৱত বহি-ৰাজ্যৰ পৰা অহা ৰে'লসমূহ ৰখোৱা হ'ব বুলি জানিবলৈ দিয়ে গোসাঁইগাঁও মহকুমাধিপতিয়ে ।

শ্ৰীৰামপুৰত তালাচী চকীত হ্ৰাস পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা

ABOUT THE AUTHOR

...view details