কোকৰাঝাৰ, ২১ ফেব্ৰুবাৰী :সৰ্বশিক্ষা অভিযান মিচনৰ অধীনৰ ষষ্ঠ অনুসূচীৰ টেট উত্তীৰ্ণ শিক্ষকসকলক বৰ্তমান বিটিআৰত খালী হৈ থকা শিক্ষকৰ নিয়মীয়া পদত প্ৰাধান্য দিয়া দাবী জনাইছে সদৌ বিটিআৰ টেট (ষষ্ঠ অনুসূচী) শিক্ষক সন্থাই ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত দেওবাৰে এক সংবাদমেলৰ আয়োজিত কৰি সদৌ বিটিআৰ টেট (ষষ্ঠ অনুসূচী) শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক হৰিৰাম পাঠকে এই দাবী জনায় ৷ পাঠকে কয় যে, বিটিআৰ অঞ্চলত বিগত 2015 চনতে 2005 - 2006 চনৰ টেট উত্তীৰ্ণসকলক খালী শিক্ষকৰ পদত নিযুক্তি দিছিল যদিও আজিলৈকে নতুনকৈ কোনো বিজ্ঞাপন দিয়া পৰিলক্ষিত নহ’ল ৷ তেনেক্ষেত্ৰত বিটিআৰত বৰ্তমানে খালী হোৱা শিক্ষকৰ নিয়মীয়া পদত চৰকাৰে 1999 চনত অবৈধ শিক্ষকৰে নিযুক্তিৰ প্ৰক্ৰিয়া চলোৱাত তীব্ৰ শংকা ব্যক্ত কৰিছে সদৌ বিটিআৰ টেট (ষষ্ঠ অনুসূচী) শিক্ষক সন্থাই ৷
বিটিআৰৰ নিয়মীয়া শিক্ষক পদত টেট (ষষ্ঠ অনুসূচীৰ) উত্তীৰ্ণক নিযুক্তিৰ দাবী - বিটিআৰ
টেট শিক্ষক সন্থাই বিটিআৰ অঞ্চলত টেট অবিহনে শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে বিটিআৰত নিয়মীয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এন চি টি আৰ্হি অনুসৰণ কৰাৰ দাবী জনাইছে ৷
টেট শিক্ষক সন্থাই বিটিআৰ অঞ্চলত টেট অবিহনে শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে বিটিআৰত নিয়মীয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এন চি টিই আৰ্হি অনুসৰণ কৰাৰ দাবী জনাইছে ৷ লগতে সংবাদমেলত সৰ্বশিক্ষা মিছনৰ অধীনৰ কৰ্মৰত শিক্ষকৰ বয়সৰ উৰ্দ্ধসীমা উকলা শিক্ষকসকলকো নিয়মীয়া শিক্ষকৰ পদত আবেদনৰ সুবিধা দিয়াৰ দাবী জনাইছে ৷ টেট শিক্ষক সন্থাই তেওঁলোকৰ দাবীসমূহক গুৰুত্ব সহকাৰে ল’বলৈ বিটিআৰৰ শিক্ষা বিভাগক এসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে ৷ অন্যথা বিটিআৰ টেট শিক্ষক সন্থাই অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ সংবাদমেলত বিটিআৰ টেট (ষষ্ঠ অনুসূচী) শিক্ষক সন্থাৰ সভাপতি বিনোদ চন্দ্ৰ ৰায়সহ বিটিআৰৰ চাৰিখন জিলাৰ বহুসংখ্যক টেট শিক্ষকো উপস্থিত থাকে ৷
লগতে পঢ়ক :বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !