কোকৰাঝাৰ, 11 জুনঃ দেশৰ প্ৰায় সকলো খণ্ডৰ লগতে দেশজুৰি বলবৎ হোৱা আঢ়ৈ মাহজোৰা লক ডাউনে প্ৰভাৱ পেলাইছে কোকৰাঝাৰ জিলাৰ মৃৎশিল্পী সকলৰ মাজত ৷ বিগত তিনি মাহ জুৰি লক ডাউনে আৰ্থিকভাৱে জুৰুলা কৰিছে কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমৰ নিকটৱৰ্তী পালপাৰা,ময়নাগুৰী,ভাওৰাগুৰী, গোসাইগাঁও,ভেলাকোবা,সাপৰ্টগ্ৰাম আদি অঞ্চলৰ থলুৱা মৃৎশিল্পীৰ পৰিয়াল মৃৎ শিল্পী সকলক ৷ বন্ধ হৈ পৰিছে একাংশ থলুৱা মৃৎশিল্পৰ ব্যৱসায় ৷ পৰিয়াল পোহপালনৰ ক্ষেত্ৰটো দুৰ্ভোগ ভুগিবলগীয়া হৈছে শিল্পীসকলে ৷
চৰকাৰলৈ সহায় বিচাৰি মৃৎ শিল্পীৰ বিশেষ আহ্বান - মৃৎ শিল্পত লকডাউনৰ প্ৰভাৱ
বিগত প্ৰায় তিনিমাহে তীব্ৰ আৰ্থিক সংকটে জুৰুলা কৰিছে কোকৰাঝাৰ জিলাৰ মৃৎশিল্পী সকলক ৷ বন্ধ হৈ পৰিছে একাংশ থলুৱা মৃৎশিল্পৰ ব্যৱসায় ৷ আৰ্থিক সাহাৰ্য বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান ৷
কোকৰাঝাৰৰ মৃৎ শিল্পীৰ মাজত তীব্ৰ আৰ্থিক সংকট
এই আৰ্থিক সংকটৰ সময়ত জিলাখনৰ একাংশ মৃৎশিল্পীৰ ৰাজ্য চৰকাৰলৈ কাতৰ অনুৰোধ,আৰ্থিক সাহাৰ্য প্ৰদানেৰে মৃৎ শিল্পী সকলক সকাহ প্ৰদান কৰক চৰকাৰে ৷
লগতে পঢ়কঃ কাঠফলা মিলৰ পৰা মাহিলী হিচাপত কমিচন সংগ্ৰহ কৰে বন বিভাগে !