অসম

assam

ETV Bharat / state

ছেম কলেজ অব নাৰ্ছিঙৰ বৈধতাৰ প্ৰশ্ন তুলি ঘৰলৈ উভতিল ছাত্ৰী - ইণ্ডিয়ান নাৰ্ছিং কাউঞ্চিল

শিক্ষাৰ্থীক প্ৰৱঞ্চনাৰ অভিযোগ কোকৰাঝাৰৰ ছেম কলেজ অব নাৰ্ছিঙৰ বিৰুদ্ধে (Sam Nursing College Kokrajhar)৷ ইণ্ডিয়ান নাৰ্ছিং কাউঞ্চিল দ্বাৰা স্বীকৃত বুলি আসৈ মাতি কলেজ কৰ্তৃপক্ষই ছাত্ৰীসকলক নামভৰ্তি কৰোৱাৰ অভিযোগ উত্তাপিত হৈছে ৷ ইয়াৰ পাছতে শনিবাৰে নাৰ্ছিং কলেজখন ত্যাগ কৰে ছাত্ৰীসকলে ৷

Sam Nursing College Kokrajhar
ছেম কলেজ অব নাৰ্ছিঙৰ বৈধতাৰ প্ৰশ্ন তুলি ঘৰলৈ উভতিল ছাত্ৰী

By

Published : Aug 27, 2022, 10:04 PM IST

কোকৰাঝাৰ, ২৭ আগষ্ট: কোকৰাঝাৰৰ জয়পুৰস্থিত ছেম কলেজ অব নাৰ্ছিং হোষ্টেলত শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মাছুল বৃদ্ধি, কলেজ কৰ্তৃপক্ষৰ বিভিন্ন খেলিমেলিৰ লগতে অধ্যক্ষা হুছনেআৰা বেগম আৰু সঞ্চালক শ্বেখ আব্দুলাই কৰা দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি সৃষ্টি এই উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Kokrajhar Sam Nursing College) ৷

হোষ্টেলৰ আৱাসী ছাত্ৰীৰ অভিভাৱকসকলকো অধ্যক্ষাগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সা-সামগ্ৰী লৈ ইতিমধ্যে হোষ্টেলৰ লগতে নাৰ্ছিং প্ৰতিষ্ঠানখনো ত্যাগ কৰিছে হোষ্টেলৰ একাংশ আৱাসী ছাত্ৰীয়ে ৷

ছেম কলেজ অব নাৰ্ছিঙৰ বৈধতাৰ প্ৰশ্ন তুলি ঘৰলৈ উভতিল ছাত্ৰী

উল্লেখ্য যে কাৰ্বি আংলং, ওদালগুৰি, বাক্সা আদি বিভিন্ন জিলাৰ পৰা বহু সপোন লৈ ছেম কলেজ অৱ নাৰ্ছিং কলেজত(Sam Nursing College Kokrajhar) অধ্যয়ন কৰিবলৈ আহিছিল একাংশ ছাত্ৰী ৷ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি নাৰ্ছিং কলেজখনত নামভৰ্তিৰ সময়ত প্ৰতিষ্ঠানটোৱে ইণ্ডিয়ান নাৰ্ছিং কাউঞ্চিল(Indian Nursing Council) দ্বাৰা স্বীকৃত বুলি জনাইছিল ৷

কিন্তু পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটো অসম নাৰ্ছিং কাউঞ্চিলৰ(Assam Nursing Council) দ্বাৰাহে স্বীকৃতি পোৱা বুলি জানিব পাৰি ছাত্ৰীসকল ক্ষোভিত হৈ পৰে ৷ অকল ইমানেই নহয়, হোষ্টেলৰ আৱাসী ছাত্ৰীসকলকো সময়মতে খাদ্য যোগান নধৰা, পানী যোগান নিদিয়া আদি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে ৷

হোষ্টেলৰ লগতে নাৰ্ছিং প্ৰতিষ্ঠানখনো ত্যাগ কৰা ছেম নাৰ্ছিং কলেজৰ ছাত্ৰী আৰু অভিভাৱকসকলে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ৷

লগতে পঢ়ক:দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে

ABOUT THE AUTHOR

...view details