কোকৰাঝাৰ, 1 জুনঃউদণ্ড যুৱকৰ আক্ৰমণত মঙলবাৰে কোকৰাঝাৰত দুজন যুৱক গুৰুতৰভাবে আহত হয় ৷ বুধবাৰে বিয়লি কোকৰাঝাৰ চহৰৰ গৌৰনগৰত সংঘটিত হয় এই ঘটনা৷ আহত যুৱক দুজন ক্ৰমে ছালাকাটিৰ নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰী৷ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়ে উক্ত আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে ছালাকাটিৰ নুৰউদ্দিন সেখ, আনোৱাৰ আনছাৰী আৰু আশ্ৰাফ আলী এই তিনিওজনে দুখন মটৰ চাইকেলেৰে বুধবাৰে বিয়লি জিলাখনৰ ফকিৰাগ্ৰামৰ পৰা কোকৰাঝাৰ লৈ আহি আছিল৷ আহি থকাৰ পথতে কোকৰাঝাৰৰ গৌৰনগৰত এখন অটোৱে ইয়াৰে আশ্ৰাফ আলীৰ মটৰ চাইকেলক খুন্দা মৰাত মটৰচাইকেল বাগৰি পৰে ৷ যাৰ ফলত আশ্ৰাফ আলী আহত হবলগীয়া হয় ৷
পিছত আশ্ৰাফ আলীৰ দুই সহযোগী ক্ৰমে নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰীয়ে অটো চালকজনক এটা চোৰ শোধায় ৷ ইয়াকে লৈ উত্তেজিত হৈ পৰা একাংশ স্থানীয় উদণ্ড যুৱকে নুৰউদ্দিন সেখ আৰু আনোৱাৰ আনছাৰীক ঘেৰি ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে । ইয়াৰ ফলত যুৱকদ্বয় বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ ইফালে ঘটনা সন্দৰ্ভত আঘাতপ্ৰাপ্ত যুৱক দ্বয়ে উদণ্ড যুৱক কেইজনৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল ৷