কোকৰাঝাৰ,৮ মাৰ্চ: ২৩ বছৰে চৰকাৰীকৰণ নহ'ল কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজৰ । 1996 চনতে বিটিচি’ৰ কোকৰাঝাৰ জিলাৰ সদৰ চহৰত স্থাপন হোৱা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানতে পৰিচালিত হৈ আহিছে ।
মৃত্যমুখত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ - কোকৰাঝাৰ
২৩ বছৰে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত শিক্ষক
![মৃত্যমুখত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2635781-246-8b6b8625-0053-4c05-aa47-bbe68c33d747.jpg)
এই ক্ষেত্ৰত, মহাবিদ্যালয়খনত দায়ৱদ্ধতাৰে বহু বছৰ কাৰ্যনিৰ্বাহ কৰি অহা শিক্ষকসকলে দৰমহা নোপোৱাত হতাশ হৈ পৰিছে বুলি মন্তব্য কৰে কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ’ৰ এসময়ৰ প্ৰৱক্তা লিনা দত্তই । আনহাতে,অসমৰ সাতামপুৰুষীয়া কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ এনেধৰণৰ প্ৰতিষ্ঠান জীয়াই থাকিব লাগিব বুলি কৈ এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত বিটিচি চৰকাৰেও বিশেষ গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় মহাবিদ্যালয়খনৰ উপাধ্যক্ষ বীৰেন্দ্ৰ মুছাহাৰীয়ে ।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ দৰে এটা বিয়াগোম বিভাগ থকা স্বত্ত্বেও সংগীত আৰু কলা শিক্ষা প্ৰদান কৰি অহা মহাবিদ্যালয়খনৰ এনে অৱস্থা নিশ্চয়কৈ চিন্তনীয়৷