অসম

assam

ETV Bharat / state

AASA Protest at Kokrajhar: কোকৰাঝাৰ দালোৱাবাৰী চাহ বাগিচাত মজুৰি বৃদ্ধিৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ - Tea workers protest in Kokrajhar

চাহ শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ দাবীত কোকৰাঝাৰত আছাৰ প্ৰতিবাদ ৷ শ শ শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কোকৰাঝাৰৰ দালোৱাবাৰী চাহ বাগিচাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

AASA Protest at Kokrajhar
কোকৰাঝাৰ দালোৱাবাৰী চাহ বাগিচাত মজুৰি বৃদ্ধিৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:26 PM IST

কোকৰাঝাৰ দালোৱাবাৰী চাহ বাগিচাত মজুৰি বৃদ্ধিৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ

কোকৰাঝাৰ, 14 অক্টোবৰ : চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰাৰ দাবীত শনিবাৰে কোকৰাঝাৰত প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকে ৷ আছাৰ কোকৰাঝাৰ জিলা কমিটিৰ উদ্যোগত প্ৰতিবাদী ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ শ শ্ৰমিকে ৷

দালোৱাবাৰী বাগানৰ কাৰখানা প্ৰাংগনৰ পৰা বাহিৰ কৰা প্ৰতিবাদী পদযাত্ৰাত আছাৰ কোকৰাঝাৰ আৰু দালোৱাবাৰী আঞ্চলিকৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰিক লৈ ৰাজনীতি নচলিব, আমাৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰক, অসম চৰকাৰ হুছিয়াৰ, চাহ শ্ৰমিক জিন্দাবাদ আদি নানা শ্লোগানেৰে দালোৱাবাৰী বাগানত পৰিৱেশ উত্তাল কৰি তোলে শ্ৰমিকসকলে ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আছাৰ উপদেষ্টা ষ্টিফেল লাক্ৰাই কয়, ‘‘শ্ৰম আইনৰ মতে চাহ শ্ৰমিকসকলক মজুৰি নিদি যি মন যায় তাকেই কৰি আছে চৰকাৰে ৷ কেইদিনমানৰ পূৰ্বে 232 টকাৰ পৰিৱৰ্তে অতিৰিক্ত 18 টকা মজুৰি বৃদ্ধি হোৱা বুলি ঘোষণা কৰিছিল ৷ কিন্তু কাৰ্যতঃ সেয়া কৰা হোৱা নাই ৷’’

তেওঁ লগতে কয়, ‘‘মজুৰি বৃদ্ধি নকৰাত শ্ৰমিকসকল হাবাথুৰি খাবলগীয়া হৈছে ৷ গতিকে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰিবই লাগিব ৷ বিজেপি চৰকাৰৰ প্ৰলোভনত আছা অথবা চাহ শ্ৰমিক কেতিয়াও ভোল নাযায় ৷"

বাৰম্বাৰ আবেদন-নিবেদন জনাই অহা পাচতো চৰকাৰে আমাৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই ৷ ইয়াৰ পিচতো যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে 2024ৰ লোকসভা নিৰ্বাচনত বিজেপি দলে তাৰ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিয়ে আছা কৰ্মীয়ে ৷

উল্লেখ্য যে, প্ৰতিবাদী কাৰ্যসূচীত আছাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ষ্টিফেন লাক্ৰা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ছালিম মিঞ্জ, জিলা সমিতিৰ সভাপতি সোম সোৰেন, সাধাৰণ সম্পাদক ৰনাল্ড এক্কা, জিলা আদিৱাসী মহিলা সমিতিৰ সাঞ্জীলীনা এক্কা আৰু ডলোৱাবাৰী চিটুৰ সভাপতি বিৰছা তিৰ্কী উপস্থিত থাকে ৷

লগতে পঢ়ক:Distribution of Arunodaya Identity Card: যুগে যুগে আমি অৰুণোদয় আঁচনি দি থাকিম: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details