অসম

assam

ETV Bharat / state

এবছুৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা - ABSU talent hunt test

এবছুৰ উদ্যোগত ৰাজ্যৰ ১৮ জিলাত প্ৰতিভা সন্ধানী পৰীক্ষা (ABSU talent hunt test)। প্ৰতিভা সন্ধানী পৰীক্ষাত বড়ো মাধ্যমৰ মুঠ ১৫,৪৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে । দুই জানুৱাৰীত ঘোষণা কৰা হ'ব এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল ।

Talent Hunt Test in Kokrajhar
কোকৰাঝাৰত প্ৰতিভা সন্ধানী পৰীক্ষা

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 2:23 PM IST

কোকৰাঝাৰত প্ৰতিভা সন্ধানী পৰীক্ষা

কোকৰাঝাৰ, ১৭ ডিচেম্বৰ : এবছুৰ উদ্যোগত ৰবিবাৰে ৰাজ্যজুৰি প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয় ৷ ৰাজ্যৰ ১৮ জিলাখনৰ ১৬৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই প্ৰতিভা সন্ধানী পৰীক্ষা । উল্লেখ্য যে ২০১৪ চনৰ পৰা প্ৰতি বছৰে এবছুৱে নিজা উদ্যোগত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক লৈ অনুষ্ঠিত কৰি আহিছে এই প্ৰতিভা সন্ধানী পৰীক্ষা ।

আজি অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাত ১৫,৪৮৪ গৰাকী বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে । ইয়াৰে নৱম শ্ৰেণীৰ ৮,৩৬৩ গৰাকী আৰু দশম শ্ৰেণীৰ ৭,১২১ গৰাকী । কোকৰাঝাৰ জিলাতো ৩৩ কেন্দ্ৰত অনুষ্ঠিত হৈছে প্ৰতিভা সন্ধানী পৰীক্ষা ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৩৩ কেন্দ্ৰত অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাত দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে ৷ এবছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক সৌমছাৰ বসুমতাৰীয়ে কয় যে অহা দুই জানুৱাৰীত এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ।

উল্লেখ্য যে প্ৰতিভা সন্ধানী পৰীক্ষাত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীক নগদ ২০,০০০ টকা, এখন মানপত্ৰ আৰু আৰনাইৰে সম্বৰ্ধনা জনোৱা হ'ব । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰাক ক্ৰমে নগদ ১৫,০০০ টকা আৰু ১০,০০০ টকাৰ লগতে এখন মানপত্ৰ আৰু আৰনাইৰে সম্বৰ্ধনা জনোৱা হ'ব । তদুপৰি পাঁচজনক ২০০০ টকা আৰু মানপত্ৰৰে দিয়া হ'ব উদ্গনিমূলক পুৰস্কাৰ । এই বিষয়ে সদৰী কৰিছে এবছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক সৌমছাৰ বসুমতাৰীয়ে । ইপিনে, এবছুৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধিত হৈছে বুলি মন্তব্য কৰিছে এবছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক সৌমছাৰ বসুমতাৰীয়ে ৷

লগতে পঢ়ক:নাহৰকটীয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details