অসম

assam

ETV Bharat / state

ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত লাফিকুলক হত্যা কৰা হৈছিল : টাইচন হুচেইন - বিটিচি

ছাত্ৰ নেতাজনে এবিএমছুৰ প্ৰয়াত ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড তিনিটা বছৰ উকলাৰ পিছত চৰকাৰে হত্যাকাৰীক কৰায়ত্ত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া জনাই লাফিকুলৰ হত্যাকাণ্ডকলৈ চিবিআই আৰু এচআইটিৰ তদন্তৰ প্ৰতিবেদন আজিলৈ ফাদিল নোহোৱাত এয়া এক ভেকোভাওনা বুলি আখ্যা দিয়ে ৷

taison-hussain-speaks-on-lafilul-murder-case
ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত লাফিকুলক হত্যা কৰা হৈছিল : টাইচন হুচেইন

By

Published : Sep 7, 2020, 9:10 PM IST

কোকৰাঝাৰ, ৭ ছেপ্তেম্বৰঃ বিটিএডি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ বিভিন্ন দিশত অৱহেলিত হৈ আছে তথা এইসকল লোক শোষিত হৈ অহাৰ লগতে অধিকাৰৰ পৰা বঞ্চিত হৈ আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুয়ে ৷ সোমবাৰে কোকৰাঝাৰ জিলাৰ দূৰামাৰীত এবিএমছুৰ উদ্যোগত আয়োজিত এক সজাগতা সভাত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইচন হুচেইনে বিটিএডিত ধৰ্মীয় সংখ্যালঘু ৰাইজে সামাজিক দিশত হওক বা প্ৰাপ্য অধিকাৰৰ সংগ্ৰামত হওক চৰমভাৱে অৱহেলিত হোৱা বুলি আক্ষেপ ব্যক্ত কৰি বিটিএডিৰ সংখ্যালঘু ৰাইজক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত ঐক্যবদ্ধতাৰে অধিকাৰৰ সংগ্ৰামত আগবাঢ়ি যোৱাৰ পোষকতা কৰে ৷

তেওঁ এনে দিশত এবিএমছুই বিটিএডিৰ চুকে কোণে এক সামাজিক আন্দোলন আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ৷ এনেক্ষেত্ৰত বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু ৰাইজে সামগ্ৰিক অধিকাৰৰ উত্তৰণৰ হকে ৰাজনীতিত নিৰ্ণায়ক ভূমিকা লব বিচাৰিলে এবিএমছুই অনাগত দিনত বিটিএডিৰ বুদ্ধিজীৱি আৰু সমাজকৰ্মীসকলক লৈ জাতীয় অভিৱৰ্তন পতাৰ বাৱে সাজু বুলি কয় ৷ ছাত্ৰ নেতাজনে এবিএমছুৰ প্ৰয়াত ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড তিনিটা বছৰ উকলাৰ পিছত চৰকাৰে হত্যাকাৰীক কৰায়ত্ত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া জনাই লাফিকুলৰ হত্যাকাণ্ডকলৈ চিবিআই আৰু এচআইটিৰ তদন্তৰ প্ৰতিবেদন আজিলৈ ফাদিল নোহোৱাত এয়া এক ভেকোভাওনা বুলি আখ্যা দিয়ে ৷ তেওঁ ছহিদ লাফিকুলৰ হত্যাকাণ্ডত ৰহস্য থকা উনুকিয়াই দি কয় চৰকাৰী পক্ষৰ এটা শক্তিশালী চক্ৰই ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত লাফিকুলক হত্যা কৰালে আৰু চৰকাৰী ভাৱে হত্যাকাৰীক ৰক্ষনাবেক্ষণ দি সম্পূৰ্ণ ঘটনা গাপ দি ৰখাৰ অভিযোগ তোলে ৷

ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত লাফিকুলক হত্যা কৰা হৈছিল : টাইচন হুচেইন

উল্লেখ্য যে, বিটিএডিৰ কোকৰাঝাৰ দূৰামাৰী এবিএমছুৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হোৱা সজাগতামুলক সভাত এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলাম, সম্পাদক টাইচন হুছেইন ,উপসভাপতি আলি আজম শ্বেখ,সহকাৰী সম্পাদক মইনুন্দিন আলি, কোষাধক্ষ্য শ্বেৰ আলি আৰু জিলা সভাপতি নজৰুল ইচলাম সহ বহু ছাত্ৰ নেতা উপস্থিত আছিল ৷ উক্ত সভাতে এবিএমছুৰ নতুনকৈ গঠিত হোৱা দূৰামাৰী আঞ্চলিক সমিতিৰ সাংগঠনিক শপথ নামা পাঠ কৰা হয় ৷

লগতে পঢ়ক: গোলাঘাটত তেল চোৰ চক্ৰৰ উৎখাত-৬ জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details