অসম

assam

ETV Bharat / state

নিমাত আৰক্ষী ! তিনি যুৱকৰ নেতৃত্বত ৰাজ্যত চলিছে ব্ৰইলাৰ ছিণ্ডিকেট - আলিপুৰদুৱাৰত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

ৰাজ্যত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট ৷ বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ হোৱা ব্ৰইলাৰ গাড়ীৰ পৰা অসম আৰু বংগ আৰক্ষীৰ নামত পাঁচ হাজাৰকৈ টকা আদায় লয় তাপস দত্ত, ৰতন ঘোষ আৰু সমীৰণ দাস নামৰ তিনি যুৱকে ৷

আলিপুৰদুৱাৰত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

By

Published : Jun 19, 2019, 6:49 PM IST

গোসাইগাঁও, 19 জুনঃ ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট । প্ৰতিখন গাড়ীৰ পৰা পাঁচ হাজাৰকৈ গুণ্ডাকৰ সংগ্ৰহ কৰিছে ছিণ্ডিকেট চক্ৰই । এই ছিণ্ডিকেটৰ ধন ক'লৈ যায় কোনেও নাজানে যদিও প্ৰতিখন ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা গাড়ীয়ে ছিণ্ডিকেট চক্ৰক আদায় দি আহিছে ধন । যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে, তেনে সময়ত অসমৰ উপৰি বংগত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট । কিন্তু আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতি আৰু দূৰদৰ্শিতাৰ অভাৱত সঘনাই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সচেতন মহলৰ । অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ আলিপুৰদুৱাৰত চলিছে ব্ৰইলাৰ ছিণ্ডিকেট । বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ হোৱা ব্ৰইলাৰ গাড়ীৰ পৰা অসম আৰু বংগ আৰক্ষীৰ নামত পাঁচ হাজাৰকৈ টকা আদায় লয় তিনিজন যুৱকে ।

আলিপুৰদুৱাৰত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

প্ৰতিখন মুৰ্গী কঢ়িওৱা গাড়ীৰ পৰা মাহিলি ধন লোৱাৰ পাছতো গা লৰা নাই প্ৰশাসনৰ । বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ ৰঙিয়া, বৰপেটা, নলবাৰী, গোৱালপাৰা, বঙাইগাওঁ আদি বিভিন্ন জিলালৈ যোৱা সকলো মুৰ্গী কঢ়িওৱা গাড়ীয়ে দিব লাগে এই ধন । ধন নিদিলে গাড়ী ৰখাই চালকক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে আলিপুৰদুৱাৰৰ তাপস দত্ত, ৰতন ঘোষ আৰু অসমৰ শিমলূটাপুৰ বাসিন্দা সমীৰণ দাস ওৰফে নাড়ু দাস নামৰ যুৱকে ।

লগতে পঢ়কঃকামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক

ABOUT THE AUTHOR

...view details